নিশা টোপনি নাহিলে মোৰ
নিচুকনি গাই শুৱাইছিল তেওঁ
ঘৰলৈ আহোতে হয় যদি গধুলি
ৰৈ থাকে তেওঁ পদূলিত মোলৈ।
কোনেনো বুজি পাব তেওঁৰ মনক
তেওঁ যে সকলোতকৈ বেলেগ
তেওঁ নিজৰ দুখ-যাতনাক পাহৰি
হাঁহি বিৰিঙাই মোৰ ওঠত সদায়।
নিবিচাৰে তেওঁ নিজৰ কষ্টৰ মূল্য
নোৱাৰো তেওঁৰ কষ্টৰ মূল্য দিবলৈ
দিব পাৰিম মাথোঁ অলপ শ্ৰদ্ধা
কাৰণ তেওঁ যে মোৰ চেনেহৰ আই।
-সঞ্জীৱ সাগৰ দাস,ফোন-8721957517