ৰক্ত হ'ল এক অমূল্য সম্পদ।যাক বহু টকাৰে কিনিব চালেও সময়ত পাবলৈ টান। ৰক্তদান,য'ৰ পৰা এজন দুখীয়া লোককে ধৰি এজন অসহায় লোকেও সঠিক সময়ত মৃত্যু নাইবা বিপদৰ পৰা বাচিব পাৰে।কিন্তু বৰ্তমান সময়ত ৰক্তদান কৰা লোকৰ সংখ্যা বাৰুকৈয়েই কমিছে।এতিয়াৰ মানুহবোৰ কেৱল মাথোঁ নিজক লৈহে ব্যস্ত।যাৰ ফলত ৰক্তৰ অভাৱত বহু লোকে মৃত্যুৰ মুখতো পৰিব লগা হৈছে আৰু ৰক্তৰ নাটনি অনুভৱ কৰিব লগা হৈছে।বহুতে আকৌ মনতে ভাৱে যে ৰক্তদান কৰিলে নিজৰ দেহৰ ক্ষতি হয়।কিন্তু সকলোৰে বাবে ভাল খবৰটো এয়াই যে ৰক্তদান কৰিলে এজন দুৰ্বল ব্যক্তিও সবল হোৱাৰ সম্ভাৱনা থাকে।কাৰণ ৰক্তদানত মানুহ এজনৰ বেয়া ৰক্তখিনি ওলাই যায় আৰু তাৰপিছতেই লাহে লাহে দেহত প্ৰচুৰ পৰিমাণে নতুন ৰক্ত উৎপন্ন হ'বলৈ ধৰে ।সেয়েহে সকলোকে মই এটাই অনুৰোধ কৰিম যে কোনো ভয়-ভাৱ মনত নাৰাখি ৰক্ত দান কৰিবলৈ সকলোৱে আগুৱাওক আৰু কাৰোবাৰ জীৱন বচাওক।
-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ,বৰপেটা।
ফোন-৮৭২১৯৫৭৫১৭