Monday, 14 November 2016

'বিধৱা বিবাহক স্বীকৃতি নিদিয়ে কিয় সমাজে'

   জীৱনটো জীয়াই থাকিবলৈ সকলোৰে অধিকাৰ আছে।জীৱনটোত আগবাঢ়িবলৈ সকলোকে সংগ নাইবা সংগী এগৰাকীৰ অতি প্ৰয়োজন।কাৰণ সংগীবিহীন জীৱন থিকনা বিহীন নাওঁৰ দৰে।
  'বিবাহ'- এই  শব্দটোৰ মূল্য এখন  সমাজৰ কাৰণে,এখন পৰিয়ালৰ বাবে আৰু এজন ল'ৰা নাইবা এজনী ছোৱালীৰ বাবে ভাষাতীত।কাৰণ এই বিবাহৰ ফলতেই এজন ল'ৰাই জীৱনটো সুখ-দুখৰ মাজেৰে পাৰ কৰিবলৈ এজনী সংগী পায় আৰু এজনী ছোৱালীয়ে এজন সংগ লাভ কৰে।তেতিয়াৰ পৰাই এজন ল'ৰাই পুৰুষত্ব লাভ কৰে আৰু এজনী ছোৱালীয়ে মহিলা এজনীলৈ পৰিৱৰ্তন হয়।এই জীৱনত এনেকুৱা কিছুমান দুৰ্ভগীয়া পুৰুষ আছে যাৰ পত্নী বিবাহৰ এবছৰ পিছতেই নাইবা এটা বা দুটা সন্তান জন্ম হোৱাৰ পিছতেই মৃত্যুৰ মুখত পৰে।এতিয়া এটা মনকৰিবলগীয়া কথা এয়াই যে সেই পুৰুষৰ বেছিভাগেই দ্বিতীয় বিবাহ পাশত বন্দী হয়।কিন্তু কোনো সমাজে এই বিবাহত কোনো বাধা প্ৰদান নকৰে।এইপিনে এনেকুৱা কিছুমান দুৰ্ভগীয়া মহিলাও আমাৰ সমাজত আছে যাৰ পতী বিবাহৰ ছয় মাহ পিছতে নাইবা এটা বা দুটা সন্তান জন্ম হোৱাৰ পিছতেই মৃত্যুৰ মুখত পৰে।এতিয়া এটা গুৰুত্বপূৰ্ণ কথা এয়াই যে সেই সকল মহিলাই কিয় দ্বিতীয় বিবাহত বহিব নোৱাৰে?তেতিয়া আমাৰ সমাজে কিয় সেই বিবাহত বাধা প্ৰদান কৰে? কেৱল এজন পুৰুষৰেই নৱজীৱন আৰম্ভ কৰাৰ অধিকাৰ আছে নেকি,এগৰাকী মহিলাৰ অধিকাৰ নাই নেকি?সদায় সংগীবিহীন হিচাপেই জীয়াই থাকিব নেকি এগৰাকী বিধৱা মহিলাই? বৰ্তমানো আমাৰ সমাজে আগৰ দিনৰ কিছু অন্ধবিশ্বাসক মানি চলি বহু মহিলাৰ ওপৰত অত্যাচাৰ চলাই আছেহি।যেনে-আজিও বহু ঠাইত বিধৱা বিবাহক স্বীকৃতি নিদিয়ে সমাজে,বিধৱাৰ স্থান বহু সামাজিক অনুস্থানত পিছত থাকে কাৰণ আমাৰ সমাজে ভাবে যে বিধৱা এজনীয়ে তেনে কোনো সামাজিক অনুষ্ঠানত উপস্থিত থাকিলে সেই অনুষ্ঠানটোৰ অমংগল ঘটিব পাৰে।সেয়েহে আজিৰ শিক্ষিত সমাজক মই এইখিনিয়েই ক'ব বিচাৰিছো যে এনেকুৱা অন্ধবিশ্বাস যেন আমাৰ সমাজৰ পৰা আঁতৰ কৰে।
-সঞ্জীৱ সাগৰ দাস,ফোন-৮৭২১৯৫৭৫১৭