বৰ্তমান সময়ত টেলিভিশ্বন,বাতৰি কাকত আদিত দেখিবলৈ পাই থাকো যে সংকটৰ গৰাহত অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা।এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন এয়াই যে কিয় সংকটৰ গৰাহত নামিল অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা?বৰ্তমান সময়ত আমাৰ সমাজৰ বহুতো গণ্য-মান্য ব্যক্তিৰ মুখত শুনা পাই থাকো যে ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থাক গ্ৰহণ নকৰি অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাক গ্ৰহণ কৰি অসমীয়া ভাষাক সংকটৰ পৰা মুক্ত কৰিব লাগে।কিন্তু এটা মনকৰিবলগীয়া কথা যে যি সকলে এনেকুৱা কথা কৈ আহিছে তাৰেই কিন্তু বেছিভাগৰেই ল'ৰা-ছোৱালী ইতিমধ্যে পঢ়ি আছে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান এখনত।বৰ্তমান সময়ত বহু অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰো ল'ৰা-ছোৱালীয়ে পঢ়ি আছে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত।তেনেকুৱা পৰিৱেশত কেনেকৈ সংকট মুক্ত হ'ব অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা? ইয়াৰ পৰাই প্ৰমান পোৱা যায় যে বৰ্তমান সময়ত উপদেশ দিয়া মানুহৰ সংখ্যা বেছি কিন্তু আৰ্হি দেখুওৱা মানুহৰ সংখ্যা কম।এটা কথাই আছে যে উপদেশতকৈ আৰ্হি ভাল।যাৰ ফলত সংকটৰ গৰাহত অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা আহি পৰিছে।সেয়েহে এটা কথাই সকলোকে ক'ব বিচাৰিম যে আগতে নিজৰ পৰিয়ালৰ ল'ৰা-ছোৱালীক অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰাওক তাৰ পিছতহে সেই পথত দুজনক আগুৱাই যোৱাৰ পথ দেখুৱাওক।কাৰণ এজন এজনকৈ মিলিহে এখন সুস্থ-সবল সমাজ গঢ়িব পাৰি।
-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ,বৰপেটা।
ফোন-8721957517
-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ,বৰপেটা।
ফোন-8721957517