ক'বা নেকি হৃদয়ৰ ভাষা
প্লীজ এবাৰ কোৱানা!!!
মনৰ মাজত লুকাই থকা
গোপন কথাবোৰ খুলি কোৱা।
জোনাক নিশা জাৰত আৰত
লুকাই থকা তোমাৰ মৰমক
প্লীজ এবাৰ যাঁচানা মোক
উপচাই দিয়া সপোনৰ কহুৱাক।
তুমি হয়তো গমেই নোপোৱা
তুমি যে মোৰ কাজলপ্ৰিয়া,
তোমাৰ দুচকুৰ নয়নতেই যে
প্ৰেমৰ মুকুতা সৰি পৰে।
নিশা যিমানেই গভীৰ হয়
সিমানেই বাঢ়ে তোমালৈ মৰম
তোমাৰ ছবিটিয়ে যে মোক
ৰাতি শুৱলৈয়েই নিদিয়ে।
-সঞ্জীৱ সাগৰ দাস-