আহিবা নেকি তুমি
মোৰ ঘৰৰ বোৱাৰী হৈ
তোমাৰ ভৰিৰ পৰশতেই
সাৰ পাব মোৰ হিয়াখনি।
কিমান যে সুখ উমলিব
তোমাৰ মোৰ মাজত
আমাৰ মনৰ মিলনতেই
শুৱনি হ'ব সৰু ঘৰখনি।
তোমাৰ শিৰৰ ৰঙা আবিৰে
মোৰ দেহ-মনক শক্তি দিব
জীনটোত আগুৱাই যাবলৈ
প্ৰেৰণা জগাব তোমাৰ মৰমে।
প্লীজ কোৱানা এবাৰ তুমি
আহিবা নে মোৰ ঘৰলৈ
আশাৰে বাট চাই আছো
তুমি অহা দিনটোলৈ মই।
-সঞ্জীৱ সাগৰ দাস