Saturday, 10 December 2016

যন্ত্ৰণা

বিক্ৰম আৰু স্নেহাৰ দেউতাক ৰমাকান্ত পাঠক এজন সমাজৰ গণ্যমান্য ব্যক্তি আছিল ৷ তেওঁ এখন স্কুলত শিক্ষকতাৰ কাম কৰিছিল ৷ সদায় তেওঁ কিতাপ এখনৰ জ্ঞান দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বাহিৰা জ্ঞান দিবলৈওঁ বহুত চেষ্টা কৰিছিল ৷ তেওঁ সদায় ছাত্ৰ-ছাত্ৰী সকলক এটা কথাই কৈছিল যে- "কিতাপৰ জ্ঞানে কেইটামান মাৰ্কচ হে দিব পাৰিব কিন্তু বাহিৰাৰ জ্ঞানে এজন মানুহ মানুহ হিচাপে থিয় কৰাব ৷" তেওঁৰ কথা বিলাকত ছাত্ৰ-ছাত্ৰী সকলে এক মধুৰ ৰস পাইছিল, যাৰ কাৰণে তেওঁৰ কথা বিলাক গুৰুত্বভাবে শুনিছিল ছাত্ৰ-ছাত্ৰী সকলে ৷ বিক্ৰম আৰু স্নেহাক তেওঁ বহুত মৰমত ডাঙৰ দীঘল কৰিছিল ৷ সিহঁতৰ বাবে যি কৰিব লাগে সেয়াই তেওঁ কৰিছিল ৷ বিক্ৰম ৰমাকান্ত পাঠকৰ ডাঙৰ ল'ৰা আৰু স্নেহা সৰু ছোৱালী আছিল ৷ বিক্ৰম সৰুৰ পৰাই চিত্ৰ অঁকাতপাৰ্গত আছিল আৰু স্নেহা গান গোৱাত পাৰ্গত আছিল ৷ বিক্ৰম আৰু স্নেহাৰ সুখৰ বাবে ৰমাকান্ত পাঠকে বিক্ৰমক আৰ্ট স্কুলত আৰু স্নেহাক সংগীত স্কুলত সৰুতেই নাম ভৰ্তি কৰি দিছিল ৷ সিহঁতৰ সুখত হাত বোলোৱা ৰমাকান্ত পাঠকৰ এটাই কাৰণ আছিল সেয়া হ'ল যেতিয়া বিক্ৰমৰ বয়স ২ বছৰ আৰু স্নেহাৰ বয়স ৬ মাহ চলি আছিল তেতিয়াই বিক্ৰম আৰু স্নেহাৰ মাক এটা এস্কিডেণ্টত ঢুকাইছিল ৷ যাৰ বাবে সিহঁতক মাক নোহোৱাৰ অনুভৱ কেতিয়াও কৰিব দিয়া নাছিল ৷ সিহঁতে দুখ কষ্ট পাব বুলিয়েই তেওঁ দ্বিতীয় বিবাহৰ কথা ভবা নাছিল ৷ বিক্ৰমৰ ছবি অঁকা প্ৰতিভা যেতিয়া স্কুল লেভেলত সিচৰিত হৈ পৰিছিল তেতিয়াই বিক্ৰমে বাতৰি কাকত,আলোচনী আদিত নিজৰ ক'লা প্ৰদৰ্শনৰ সুবিধা পাইছিল ৷ এদিন এনেকৈয়ে বিক্ৰম গোটেই অসমত নিজৰ কলা প্ৰদৰ্শন কৰিছিল ৷ দেউতাকেও বিক্ৰমক আগুৱাই যোৱাৰ প্ৰেৰণা দিছিল ৷স্নেহাইও নিজৰ সুৰৰ ক'লা প্ৰদৰ্শন কৰাত পিছ পৰি থকা নাছিল ৷ প্ৰথমে স্নেহাই স্কুলৰ আদৰণী সভাত গীত পৰিৱেশন কৰিছিল ৷ তাই গীতত সন্তুষ্ট হৈ কিছুমানে তাইক ফাংচনত গীত পৰিৱেশন কৰাৰ সুবিধা দিছিল ৷ তাৰ পাছত তাই ৰিয়েলিটি শ্ব কিছুমানত গীত পৰিৱেশনৰো সুবিধা পালে ৷ এনেকৈ তাই আমেৰিকাত গীত পৰিৱেশন কৰাৰ সুবিধা লাভ কৰিছিল ৷ দেউতাকেও তাইক আমেৰিকালৈ যোৱাৰ অনুমতি অতি সহজে দিছিল । এদিন ৰমাকান্ত পাঠকৰ সৰু কালৰ বন্ধু বিৰাজ আহিছিল । বিৰাজক দেখি ৰমাকান্তই বহুত আনন্দ পাইছিল । কাৰণ সৰু কালত বিৰাজৰ অবিহনে ৰমাকান্তই একোকেই নকৰিছিল । কিন্তু এদিন হঠাত্ বিৰাজৰ চাকৰিৰ এপইতমেণ্ট লেটাৰ আহিছিল আৰু তাৰ বাবে দিল্লী লৈ যাব লগা হৈছিল । যাব ফলত সিহঁতৰ বন্ধুত্ব এনাজৰি নিলগে নিলগে থাকিব লগীয়া হৈছিল । বিৰাজ আৰু ৰমাকান্ত কথা-বতৰাত ব্যস্ত হ'ল । সেই সময়তে বিক্ৰমে নিজৰ কোঠাৰ পৰাওলাই দেউতাকৰ ওচৰ পালেগৈ । তেতিয়া বিক্ৰমক বিৰাজৰ লগত চিনাকী কৰি দিলে । স্নেহাই আমেৰিকালৈ যোৱা যো-যা কৰি দেউতাকৰ ওচৰ পালেহি । তাইকো বিৰাজৰ লগত চিনাকী কৰি দিলে । বিৰাজে তাই আৰ্শীবাদ দিলে যাতে নিজৰ মাতৃভূমিলৈ নাম কঢ়িয়াই আনে ।সেইদিনা ৰাতি বিৰাজৰ সৈ'তে ৰমাকান্ত, বিক্ৰম আৰু স্নেহাইএকেলগে ডাইনিং টেবুলত বহি আহাৰ খালে । পিছদিনা ৰাতিপুৱাই স্নেহাই আমেৰিকালৈ যাত্ৰা কৰিলে । তাৰদুদিনৰ পিছতেই স্নেহাই গীতৰ প্ৰতিযোগিতা আৰম্ভ হ'ল । স্নেহাৰ বুকু থৰ-থৰকৈ কপিছিল, কাৰণ সেই পৰিৱেশৰ সন্মুখীন আগতে কেতিয়াও হোৱা নাছিল । স্নেহাই অসমৰ পৰিচয় লৈ আমেৰিকাত গীত পৰিৱেশন কৰিলে ।অন্তিম পৰ্যায়ত ৰিজাল্ট আহিল আৰু শীৰ্ষৰ তালিকাত জিলিকিলে স্নেহাৰ নাম । নাম ঘোষণা কৰা পাছত তাই কান্দি দিলে আৰু স্নেহাৰ সেই জয়ে দেউতাকক বৰ আনন্দিত কৰি তুলিলে । সেয়েহে দেউতাকে গাঁৱৰ সকলো মানুহক মিঠাই বিলায় ফুৰিছে । তাই দুদিনৰ পাছত অসমলৈ উভতি আহিল । তাই গাড়ীৰ পৰা নামি চিঞৰি চিঞৰি দেউতাকৰ পিনে দৌৰি আহি দেউতাক সাবটি ধৰিলে আৰু ক'লে-"দেউতা মই জিকিলো আৰু মোৰ সপোন পূৰণ হ'ল ।" স্নেহাৰ সেই কথাত দেউতাকৰ আনন্দৰ চকুৰপানী ওলাই আহিল । এনেকৈয়ে দিন কেইটামান পাৰ হোৱাৰ পাছতেই এদিন ডাকযোগে ৰমাকান্ত ঘৰলৈ এখন চিঠি আহিল । চিঠিখন খুলি চাই গম পালে যে স্নেহাৰ বাবে এটা ডাঙৰ প্ৰস্তাৱ আহিছে । স্নেহাই আমেৰিকাৰ এটা গীতৰ ষ্টুডিঅ'ত কাম কৰিব লাগে । চেলাৰিও উচ্চ মানৰ । সোনকালে তাই যাব লাগিব যদি প্ৰস্তাৱটোস্বীকাৰ কৰে । ৰমাকান্তই তেতিয়া হাতাশাত ভুগিলে । ইমানদূৰ পঠালে জানো ভাল হ'ব ? তাই জানো সেই পৰিৱেশত চলিব পাৰিব ?এনেকুৱা ভিন্ন ধৰণৰ প্ৰশ্নৰ মনত উদয় হ'ল । কিন্তু স্নেহাই কৈ দিলে যে তাই আমেৰিকা যাবই । তাই কথা পেলাব নোৱাৰি ৰমাকান্তই যাবলৈ অনুমতি দিলে । দুদিনৰ পাছত তাই আমেৰিকালৈ যাবলৈ সাজু হ'ল । তাইক যাবলৈ অনুমতি দিলে যদিও ৰমাকান্তৰ মনত চিন্তাৰ শিকলিয়ে বান্ধি ৰাখিলে । এনেকৈয়ে স্নেহা আমেৰিকালৈ গুচি গ'ল । ৰমাকান্তই সদায় ফোনত কথা পাতেতাইৰ লগত । আনপিনে বিক্ৰমে চিত্ৰ আঁকি আঁকি বাহিৰলৈ পঠোৱাৰ সুবিধা পালে । এনেকৈ পঠাই পঠাই এদিন বিক্ৰম চিত্ৰ অঁকাত ১ নম্বৰ হৈ উঠিল । এদিন বিক্ৰমলৈ প্ৰপজেল এটা আহিল যেএটা কোম্পানীৰ বাবে চিত্ৰ আঁকিব লাগে । যাৰ চিত্ৰ বজাৰত বিক্ৰি কৰা হ'ব । তেতিয়া সি দেউতাকৰ লগত আলোচনা কৰিলে । দেউতাকে সুধিলে-- কোম্পানীতো ক'ত- ক'লকাতাত ।- দেউতাকে গৰজি ক'লে নোৱাৰ তই যাব । এজনী পঠালোৱেই এতিয়া তইও যাব বিচাৰিছ মোক অকলে এৰি ।দেউতাকৰ কথাত খং উঠি বিক্ৰম তাৰ পৰা গুচি আহিলে । দেউতাকে তেতিয়া এটা কথাই ভাবিছিল যে মাক নোহোৱা ল'ৰা গতিকে হিয়াৰ সুখেৰে সুখী হ'ব লাগিব উপায়টো নাই ৷ পিছদিনা বিক্ৰমক মাতি আনি সুধিলে- কেতিয়া যাবি তই?- পৰহিলৈ যাব লাগিব ৷- ঠিক আছে তই যাবি মোৰ কোনো আপত্তি নাই ৷এনেকৈয়ে কৈ দেউতাকে নিস্তব্ধৰে কোঠালি এটা বহিলে ৷ বিক্ৰম শেষত ক'লকাতা গ'লগৈ ৷ স্নেহাৰো প্ৰথমটো গানৰ এলবাম টেলিভিচনত দেখিবলৈ পালে ৷ দেউতাকে ফোন যোগে শুভেচ্ছা জনালে ৷ এনেকৈয়ে সময়বোৰ পাৰহ'ল ৷ ৰমাকান্তই সকলোবোৰ কাম অকলেই কৰিব লগা হ'ল ৷ কেতিয়াবা কেতিয়াবা ওচৰৰ মানুহেও এসাঁচ খাবলৈও মাতে ৷ বিক্ৰমলৈও মাজে মাজে ফোন কৰি খবৰ লয় ৷ লাহে লাহে বিক্ৰম আৰু স্নেহাৰলৈ ফোন নলগা হ'ল ৷ ফোন লাগিলেও কাটি দিয়ে নতুবাপিছত কৰিম বুলি কয় ৷ সিহঁতে নিজৰ ব্যস্ততা পৰিচয় দিলে ৰমাকান্তক ৷ এদিন ৰমাকান্তৰ বজাৰতে মুৰ ঘূৰাই বাগৰি পৰিল ৷ ওচৰৰ মানুহে গম পাই ঘৰৰলৈ আনি ডাক্টৰ এজনক মাতি আনিলে ৷ ডাক্টৰে ক'লে- ৰমাকান্তৰ ব্লাদ পেচাৰ হায় আছে ৷ তেওঁ আৰামত থকাৰ প্ৰয়োজন ৷ কিছু কাম কৰাৰ পৰা বঞ্চিত থাকিব লাগিব ৷ তেতিয়া ৰমাকান্তই ভাবিলে ল'ৰা-ছোৱালী হালক বেমাৰৰ কথা জনোৱাটো ভাল নহ'ব ৷ কাৰণ সিহঁতে চিন্তাত ভুগিলে নিজৰ নিজৰ কামবোৰ কৰিব নোৱাৰিব ৷ এনেকৈয়ে সময়বোৰ গৈ থাকিল ৷ সিহঁতৰ খবৰো নোপোৱা হ'ল ৷ তেতিয়া ৰনাকান্তই বহুত দুখ পালে ৷ যাব সুখৰ বাবে নিজৰ দুখ কষ্ট চিন্তা নকৰি সকলো কৰিবলৈ সাজোহৈছিল আৰু আজি সিহঁতৰেই খবৰ নোহোৱা হ'ল ৷ এনেকৈয়ে বিষাদৰ যন্ত্ৰণাত ভুগি শাৰীৰিক ভাবে অসুস্থ হৈ পৰিল ৷ আকৌ এদিন ৰমাকান্তই বজাৰ কৰিব গৈ হঠাতেপৰি গ'ল ৷ বজাৰত থকা কিছুমান চিনাকী মানুহে ডাক্টৰৰ ওচৰলৈ লৈ গৈ গম পালে যে ৰমাকান্তৰ মগজুত কৰ্কট ৰোগ হৈছে, যাক বচোৱা সম্ভাৱনা নিচেই কম কিন্তু ডাক্টৰে কোৱা মতে এটা অপাৰেচন কৰিলে হয়তো ঠিক হ'ব পাৰে নাইবা নহ'বও পাৰে ৷ ডাক্টৰৰ কথা শুনি ওচৰৰ মানুহবোৰে পুতেক-জীয়েকক জনোৱা ভাল হ'ব বুলি ভাবি প্ৰথমে বিক্ৰমলৈ ফোন লগালে কিন্তু বিক্ৰমে এটাই কথা ক'লে মই যাব নোৱাৰো সময় নাই আৰু ফোনটো কাটি দিলে ৷ তাৰ পাছত স্নেহালৈ ফোন লগাতে কিন্তু স্নেহালৈ ফোন নালাগিল ৷ তেতিয়া ওচৰ চুবুৰীয়া বিমোৰত পৰি কাৰোবাৰ হতোৱাই ৰমাকান্তৰ বন্ধু বিৰাজক খবৰ দিলে ৷ বিৰাজে খবৰ পাই য়ে লগে লগে ৰমাকান্তৰ ওচৰ পালেহি ৷ ৰমাকান্তই বিৰাজক দেখি কঁপা কঁপা মাতে সুধিলে- মোৰ কৈ হৈছে বিৰাজ ? বিক্ৰম আৰু স্নেহাক জনাইছিলি নে ? মই সিহঁতক চাব খুজো এবাৰ অ' ৷- তোৰ একো নাইহোৱা বন্ধু ৷ সিহঁত দুটা আহিব তই চিন্তা নকৰিবি ৷এনেকৈ কৈ বিৰাজ ডাক্টৰ ওচৰ পালেগৈ- টকা কেতিয়া জমা কৰিব লাগিব ৷- অতি সোনকালে জমা কৰিব লাগিব ৷বিৰাজে অফিচলৈ গৈ নিজৰ জমা টকা কিমান আছে চালে ৷ দেখিলে চাৰি লাখ টকা হে আছে ৷ তেতিয়া বিৰাজে নিজৰ মাটিডোখৰ এক লাখ টকাত বন্ধকত থৈ ৰমাকান্তৰ অপাৰেচনৰ বাবে টকা লৈ ডাক্টৰ ওচৰ পালগৈ ৷ কিন্তু ডাক্টৰে ৰিকচ ল'ব নোৱাৰিম বুলি কৈ এখন ফ্ৰমত বিৰাজৰ চহী ল'লে ৷ সেই সময়তেই বিক্ৰম ক'লকাতাৰ পৰা আহি দেউতাকৰ ওচৰ পালেহি ৷ দেউতাকে বিক্ৰমক দেখি বহু আনন্দিত হ'ল ৷ কিন্তু বিক্ৰমে দেউতাকৰ খবৰ ন'লৈ এখন কাগজ দেউতাকলৈ আগবঢ়াই দিলে আৰু ক'লে- দেউতা এই কাগজখনত তোমাৰ এটাচহী লাগে ৷ কাৰণ তোমাৰ মৃত্যুৰ পাছত ঘৰৰ সকলো মাটি বাৰী মোৰ হ'ব ৷দুখৰ মিচিকিয়া হাঁহি মাৰি কঁপা কঁপা মাতেৰে ক'লে- বোপাই এইখিনিয়েই বাকী আছিল নে আৰু কিবা আছে ? দেহ ক'ত চহী কৰিব লাগে কৰি দিওঁ ৷ কিন্তু এটা কথা মনত ৰাখিবি বোপাই মোৰ চিতাৰ জুইত তই কেতিয়াই হাত দিব নোৱাৰিবি ৷ নহ'লে মোৰ আত্মাই শান্তি নাপাব ৷ এনেকৈ কৈ চহী মাৰি দিলে আৰু বিক্ৰম ক'লকাতালৈ উভতি গ'লগৈ ৷ তেনে সময়তে ডাক্টৰ আহিল বিৰাজৰ ওচৰলৈ ৷ তেতিয়া ৰমাকান্তই বিৰাজক মাতি ক'লে-- বন্ধু ৷ তই সৰুৰ পৰাই মোৰ লগত আছ, এতিয়াও আছ ৷ যদি মোৰ কিবা হয় মোৰ ওচৰত থাকিবি ৷ মোৰ চিতাত জুই তই দিবি ৷ৰমাকান্তৰ কথা শুনি বিৰাজে চকুলো টুকিলে আৰু ক'লে-- বন্ধু তই এইবোৰ কিয় কৈছ ? তোৰ একো নহয় ৷ তই ভাল হ'বি ৷ তোৰ লগত মই সদায় আছো ৷ এনেকৈ কৈ ৰমাকান্তক অ'পাৰেচনৰ কোঠালৈ আগবঢ়াই নিলে ৷ অপাৰেচন আৰম্ভ হ'ল ৷ প্ৰায় দুঘণ্টা অপাৰেচন চলিল ৷ শেষত তলমুৰ কৰি ডাক্টৰ অপাৰেচন কোঠাৰ পৰা ওলাই আহিল ৷ বিৰাজে সুধিলে-- কি হ'ল চাৰ ? আপুনি কিয় তলমুৰ কৰি আহিছে ? কওঁক কি হ'ল ৷- sorry ৷ তেওঁক বচাব নোৱাৰিলো ৷ডাক্টৰ কথা শুনি বিৰাজে চিঞৰিচিঞৰি ক'লে-- কিয় নোৱাৰিব ? অলপ আগত মোৰ লগত কথা পাতি গৈছিল ৷ এতিয়া মৰিব বুলি ক'লেই হ'ব নেকি ?তেনেকৈ কৈ বিৰাজে ৰমাকান্তৰ ওচৰত বহি ফেঁকুৰি ফেঁকুৰি কান্দিলে ৷ অৱশেষত ওচৰৰ চুবুৰীয়াৰ সৈ'তে ৰমাকান্তক শ্মশানলৈ লৈ গ'ল আৰু তেওঁৰ চিতাত জুই বিৰাজে আগবঢ়ালে ৷ সেই সময়ত কিন্তু ৰমাকান্তৰ ল'ৰা-ছোৱালী কোনোৱেই নাহিল ৷