Friday, 30 December 2016

•দমন•


মৌছুমী আজি বহু সুখী। কাৰণ মৌছুমী আজি চহৰত ডাক্টৰী পঢ়াৰ সুযোগ পাইছে লগতে তাৰে হোষ্টেলতেই থকাৰো সুবিধা পাইছে। তাই এটা ৰুমত আৱদ্ধ হৈ থাকিয়েই কলেজৰ আধা বছৰ পাৰ কৰিল। কাৰণ তাইৰ দেউতাক সমাজৰ এজন গণ্য-মান্য ব্যক্তি হয়। বেয়া পৰিৱেশ পাব বুলি মৌছুমীক দেউতাকে ঘৰৰ পৰা ওলাবই নিদিছিল। কেৱল কলেজ যোৱা সময়খিনিহে বাহিৰত ওলাব পাইছিল মৌছুমীয়ে। এনেকৈ ঘৰত থাকি মৌছুমী বহু অশান্তি লাভ কৰিছিল। আজি তাই গুৱাহাটীলৈ যাব ডক্টৰ পঢ়িবলৈ পাঁচ বছৰৰ কাৰণে। তাই মুকলিভাবে ওলাব পাই বহু শান্তি লাভ কৰিছে আজি। এনেতে দেউতাকে তাইৰ কাৰণে গাড়ী এখন ভাড়া কৰি লৈ আহিলে তাইক বাছ ষ্টেণ্ডলৈ থৈ আহিবৰ কাৰণে।মাকে মৌছুমীৰ বেগত এটা টেমা ভৰাই দিলে, য’ত নেকি লাডু-পিঠা বনাই ভৰাই দিছে মাকে অতি মৰমেৰে। কিছু সময় পিছতেই দেউতাকে মৌছুমীৰ লগত গাড়ীখনত বাছ ষ্টেণ্ডলৈ আগবাঢ়িলে।গাড়ীৰ পৰা নামিয়েই মৌছুমী গুৱাহাটীলৈ যোৱা বাছখনো পালে। দেউতাকে বেডিং বিলাক বাছৰ ডিকিত সোমায় দি মৌছুমীৰ পৰা বিদায় ল’লে।মৌছুমীও গুৱাহাটীলৈ আগবাঢ়িল। গুৱাহাটীত নামিয়েই মৌছুমীয়ে চাৰিওফালে অদ্ভুত পৰিৱেশ অনুভৱ কৰিলে। কাৰণ মৌছুমী হ’ল গাঁৱলীয়া ছোৱালী। তাই চহৰৰ পৰিৱেশৰ কেতিয়াও সন্মুখীন হোৱা নাছিল। তাই লাহে-লাহে মেডিকেল কলেজলৈ আগবাঢ়িলে। মেডিকেল কলেজ পাইয়েই তাই হোষ্টেলৰ পিনে আগবাঢ়িলে। হোষ্টেলত সোমোৱাৰ লগে লগে তাই আকৌ অদ্ভূত পৰিৱেশৰ সন্মুখীন হ’ল।সকলো পিনে চিঞৰ-বাখৰ তাৰ মাজত তাই। তাই লাহে-লাহে তাইৰ ৰুমলৈ আগবাঢ়িলে। তাইৰ ৰুমত সোমায় দেখিলে যে আগৰে পৰাই তাত দুজনী ছোৱালী আছেই। ছোৱালী দুজনী তাইক দেখি আচৰিত ভাৱে শুধিলে-“অই তোক ইয়াত কিলাগে ? ক’ৰ পৰা আহিছ তই?” তেতিয়া মৌছুমী সিহত দুয়োক ক’লে- “মই গাওঁৰ পৰা আহিছো মেডিকেল কলেজত ডাক্টৰী কোৰ্চ পঢ়িবলৈ। মোৰ ৰুম এইটো বুলি গম পাই সোমায় আহিলো।” তাইৰ কথা আৰু পিন্ধন-উৰন দেখি দুইজনীয়ে খিল-খিলাই হাঁহি ক’লে- “ওহ তই মানেগাঁৱলীয়া ভুত। আহ আহ সোমাই আহ।” তেতিয়া মৌছুমী সোমাই আহি বিচনাতেই বহি ল’লে আৰু সিহত দুয়োক ক’লে- “তোমালোক দুয়ো মোৰ ৰুমমেট। মোৰ বান্ধৱী হ’বানে ?” তাইৰ কথাত আকৌ সিহত দুয়ো হাঁহিলে আৰু ক’লে- “হ’ব দে একেলগে আছো যেতিয়া বান্ধৱীয়েইটো হম। এতিয়া অলপ জিৰোৱা, অলপ পিছত ফুৰিবলৈ যাম।” এনেকৈ কৈয়েই সিহত দুয়ো হেডফোনত গান শুনাত ব্যস্ত হ’ল আৰু মৌছুমী কাপোৰ সলাই অলপ বিচনাতে জিৰালে। লাহে লাহে এন্ধাৰে কাষ চাপি আহি গধুলি হ’বলৈ ধৰিলে।মৌছুমীৰ ৰুমমেট দুজনীয়ে ফুৰিব যাবলৈ সাজি-কাছি ওলোৱাত ব্যস্ত হ’ল। তাৰে এজনীয়ে মৌছুমীক ক’লে- “ওই ছোৱালী তইও ওলাই ল। আমি বেছি সময় নৰখো তোক।” সেই ছোৱালীজনীৰ কথা শুনি মৌছুমীও ওলোৱাত ব্যস্ত হ’ল। কিছু সময় পিছতেই সিহত তিনিও বজাৰৰ পিনে ফুৰিবলৈ ওলাই গ’ল। গধুলিৰ পৰিৱেশত গুৱাহাটী মহানগৰীত মৌছুমী ফুৰিবলৈ আহি খুবেই আনন্দিত হ’ল। কাৰণ তেনেকুৱা পৰিৱেশৰ সন্মুখীন মৌছুমী প্ৰথমবাৰৰ বাবে হৈছিল। ফুচকাৰ সোৱাদ লৈ তিনিওৱেই হোষ্টেলৰ পিনে আগবাঢ়িলে। ৰাতিৰ ভাত খাই তিনিজনীয়ে শুই থাকিল।ৰাতিপুৱা উঠিকেই হোষ্টেলৰ সকলো ছোৱালীয়ে গাঁ-পা ধুৱাত ব্যস্ত হ’ল।কাৰণ তাৰেই বহুতৰেই আজি প্ৰথম ক্লাছ। সেয়েহে সকলোৱে আজি কলেজলৈ অলপ সোনকালেই যাৱ। মৌছুমীৰ এটাই সপোন আছিল তাই যেন এজনী ভাল ডাক্টৰেনী হৈ উলাই আহিব পাৰে মেডিকেল কলেজৰ পৰা। মনত বহু আশালৈ তাই তাইৰ ৰুমমেট দুজনীৰ লগত কলেজলৈ আগবাঢ়িলে। এনেতে কলেজৰ গেটত ভৰি দিয়াৰ লগে-লগে মৌছুমী বিক্ৰম নামৰ ল’ৰা এজনৰ লগত মুখামুখি হ’ল। বিক্ৰম সেই অঞ্চলৰ এম.এল.এৰ ল’ৰা। তাৰ লগত সকলো সময়তে কেইজনমান ল’ৰা ঘুৰিয়েই থাকে। কোনোবাই কিবা ক’লেই ল’ৰা কেইজনৰ হতুৱাই মাৰপিট কৰায়। সেয়েহে সেই অঞ্চলৰ সকলোৱেই তাক ভয় কৰে। বিক্ৰমেও মেডিকেল কলেজৰেই এজন ছাত্ৰ হয় কিন্তু সি ক্লাছত উপস্থিত হোৱাৰ বিপৰীতে কলেজৰ গেটৰ কাষত বহি ছোৱালী জোকাইহে ফুৰে। সিদিনা তাৰ চকু মৌছুমীৰ তাত পৰিল। মৌছুমী গেট পাৰ হোৱাৰ পিছতেই সি তাইক মাত লগালে- “ওই ছোৱালী আমাৰ পিনেও এবাৰ চাবি।” তাৰ কথা শুনি মৌছুমীয়ে লহেকৈ ক’লে- “অসভ্য ক’ৰবাৰ।” মৌছুমীকোৱা কথাখিনি কিবাকৈ বিক্ৰমৰ কাণত পৰিল। যাৰ ফলত বিক্ৰমে আকৌ এবাৰ তাইক ক’লে- “ওই কেলা, তই কাক কি কৈছো অসভ্য বুলি?তোক কেলা এতিয়াই সকলোৰে আগত মৰম কৰো নেকি অলপ?” এনেকৈ কৈ বিক্ৰমে মৌছুমীৰ কঁকালত হাত দিলে। বিক্ৰমৰ এনেকুৱা ব্যৱহাৰ দেখি মৌছুমীয়ে বিক্ৰমৰ গালত চৰ এটা মাৰি তাৰ পৰা গুছি আহিলে। মৌছুমী সকলোৰে আগত বিক্ৰমক চৰ এটা মৰাৰ কাৰণে বিক্ৰমে বহু লাজ পালে কাৰণ এনেকৈ চৰ বিক্ৰমক আগতে কোনেও মাৰিবলৈ সাহস কৰা নাছিল। সেয়েহে মৌছুমীক পিছত চাই লম বুলি কৈ বিক্ৰমে এখন ধাবালৈ গৈ খুব মদ খালে।এইপিনে মৌছুমী প্ৰথম দিন হিচাপে ক্লাছত লাজকুৰীয়া ভাৱত উপস্থিত হ’ল। প্ৰথম দিনা ক্লাছ কৰি মৌছুমী খুবেই ভাল পালে। ক্লাছ শেষ হোৱাৰ পিছত ৰুমমেট দুজনীৰ লগত মৌছুমী হোষ্টেললৈ উভতিল। এইপিনে বিক্ৰমে মৌছুমীৰ পিছত এজন ল’ৰা লগাই থাকে। মৌছুমী কোন সময়ত কি কৰে, ক’লৈ যায় সেই ল’ৰাজনে বিক্ৰমক খবৰ কৰে। গধুলি সময়ত মৌছুমীয়ে খুব মনোয়োগেৰে কিতাপ পঢ়াত ব্যস্ত হ’ল এইপিনে ৰুমমেট দুজনীয়ে মোবাইল টিপাত ব্যস্ত। মৌছুমী এইকাৰণেই ইমান মনোযোগেৰে কিতাপ পঢ়িলে কাৰণ তাইৰ লক্ষ্য এজনী ভাল ডাক্টৰণী হৈ ওলোৱাৰ। পিছদিনাও তেনেকৈয়েই ধুনীয়াকৈ মৌছুমীয়ে ক্লাছত উপস্থিত হৈ ক্লাছ কৰিলে আৰু ক্লাছ শেষ হোৱাৰ পিছত ৰুমমেট দুজনীৰ লগত হোষ্টেললৈ আহিলে। গধুলি পৰত ৰুমমেট দুজনীয়ে হঠাত বজাৰলৈ যাবলগা হ’ল। মৌছুমী তেতিয়া কিতাপ পঢ়াত ব্যস্ত আছিল। সেয়ে তাইক অলপ সময় অকলেথৈ ৰুমমেট দুজনীয়ে বজাৰলৈ গ’ল। মৌছুমী যে অকলে আছে মৌছুমীৰ পিছত লগাই থোৱা ল’ৰাজনে বিক্ৰমক খবৰ দিলে। কিছু সময় পিছতেই মৌছুমীৰ ৰুমৰ দৰ্জাত কোনোবাই শব্দ কৰা মৌছুমীয়ে শুনা পালে। তাই ভাবিলে যে ৰুমমেট দুজনী আহিলে হ’বলা। দৰ্জাখন খুলি দেখে যে দৰ্জাৰ সন্মুখত বিক্ৰম। দৰ্জা খুলাৰ লগে লগেই বিক্ৰমে জোৰ-জবৰদস্তি মৌছুমীৰৰুমত সোমায় দৰ্জাখন তলা লগালে আৰু মৌছুমীক জোৰ-জবৰদস্তী বিচনাত বগৰাই মৌছুমীক বলত্কাৰ কৰিলে। সেই সময়ত এটাই মৌছুমীৰ চিঞৰ শুনা গৈছিল। কিছু সময়ত পিছত ৰুমদমেট দুজনী আহি দেখে যে ৰুমৰদৰ্জা খোলা। ভিতৰলৈ সোমায় আহি দেখে যে মৌছুমী বিচনাত পৰি আছে আৰু তাইৰ দেহৰ কাপোৰবোৰ অত-ত’ত পৰি আছে। সিহত দুয়োই লগে লগে হোষ্টেলৰ সকলোকে জনালে। সকলোৱে মিলি মৌছুমীক হাস্পতাললৈ লৈ গ’ল। ডক্টৰে চাই পেলাই ক’লে যে মৌছুমী আৰু এই পৃথিৱীত জীয়াই নাই। গোটেই কলেজতেই হাহাকাৰৰ সৃষ্টি হ’ল। কলেজৰ অধ্যক্ষই মৌছুমীৰ দেউতাকক ফোন কৰি খবৰ দিলে। দেউতাকে পগলাৰ দৰে মৌছুমীৰ মৃতদেহৰ কাষলৈ দৌৰি আহিলে আৰু চিঞৰি চিঞৰি কান্দি ক’লে- “তোৰ আশা পূৰণ নহ’লও মাজনী ! তোৰ আশা পূৰণ কৰিব নিদিলে ভগৱানে!” কিছু সময় পিছতেই মৌছুমীৰ মৃতদেহ গাঁৱলৈ হাস্পতালৰেই গাড়ীখনতলৈ গ’ল আৰু মৌছুমীক শ্মশানলৈ নি মৌছুমীৰ দেহক পূৰি পেলালে। তাইৰ লগতেই তাইৰ সপোন, আশা সকলো অগ্নিত দাহ হ’ল।

✒সঞ্জীৱ সাগৰ দাস
লেখকৰ ঠিকনাঃ ভৱানীপুৰ
ফোনঃ ৮৭২১৯ ৫৭৫১৭

Saturday, 10 December 2016

যন্ত্ৰণা

বিক্ৰম আৰু স্নেহাৰ দেউতাক ৰমাকান্ত পাঠক এজন সমাজৰ গণ্যমান্য ব্যক্তি আছিল ৷ তেওঁ এখন স্কুলত শিক্ষকতাৰ কাম কৰিছিল ৷ সদায় তেওঁ কিতাপ এখনৰ জ্ঞান দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বাহিৰা জ্ঞান দিবলৈওঁ বহুত চেষ্টা কৰিছিল ৷ তেওঁ সদায় ছাত্ৰ-ছাত্ৰী সকলক এটা কথাই কৈছিল যে- "কিতাপৰ জ্ঞানে কেইটামান মাৰ্কচ হে দিব পাৰিব কিন্তু বাহিৰাৰ জ্ঞানে এজন মানুহ মানুহ হিচাপে থিয় কৰাব ৷" তেওঁৰ কথা বিলাকত ছাত্ৰ-ছাত্ৰী সকলে এক মধুৰ ৰস পাইছিল, যাৰ কাৰণে তেওঁৰ কথা বিলাক গুৰুত্বভাবে শুনিছিল ছাত্ৰ-ছাত্ৰী সকলে ৷ বিক্ৰম আৰু স্নেহাক তেওঁ বহুত মৰমত ডাঙৰ দীঘল কৰিছিল ৷ সিহঁতৰ বাবে যি কৰিব লাগে সেয়াই তেওঁ কৰিছিল ৷ বিক্ৰম ৰমাকান্ত পাঠকৰ ডাঙৰ ল'ৰা আৰু স্নেহা সৰু ছোৱালী আছিল ৷ বিক্ৰম সৰুৰ পৰাই চিত্ৰ অঁকাতপাৰ্গত আছিল আৰু স্নেহা গান গোৱাত পাৰ্গত আছিল ৷ বিক্ৰম আৰু স্নেহাৰ সুখৰ বাবে ৰমাকান্ত পাঠকে বিক্ৰমক আৰ্ট স্কুলত আৰু স্নেহাক সংগীত স্কুলত সৰুতেই নাম ভৰ্তি কৰি দিছিল ৷ সিহঁতৰ সুখত হাত বোলোৱা ৰমাকান্ত পাঠকৰ এটাই কাৰণ আছিল সেয়া হ'ল যেতিয়া বিক্ৰমৰ বয়স ২ বছৰ আৰু স্নেহাৰ বয়স ৬ মাহ চলি আছিল তেতিয়াই বিক্ৰম আৰু স্নেহাৰ মাক এটা এস্কিডেণ্টত ঢুকাইছিল ৷ যাৰ বাবে সিহঁতক মাক নোহোৱাৰ অনুভৱ কেতিয়াও কৰিব দিয়া নাছিল ৷ সিহঁতে দুখ কষ্ট পাব বুলিয়েই তেওঁ দ্বিতীয় বিবাহৰ কথা ভবা নাছিল ৷ বিক্ৰমৰ ছবি অঁকা প্ৰতিভা যেতিয়া স্কুল লেভেলত সিচৰিত হৈ পৰিছিল তেতিয়াই বিক্ৰমে বাতৰি কাকত,আলোচনী আদিত নিজৰ ক'লা প্ৰদৰ্শনৰ সুবিধা পাইছিল ৷ এদিন এনেকৈয়ে বিক্ৰম গোটেই অসমত নিজৰ কলা প্ৰদৰ্শন কৰিছিল ৷ দেউতাকেও বিক্ৰমক আগুৱাই যোৱাৰ প্ৰেৰণা দিছিল ৷স্নেহাইও নিজৰ সুৰৰ ক'লা প্ৰদৰ্শন কৰাত পিছ পৰি থকা নাছিল ৷ প্ৰথমে স্নেহাই স্কুলৰ আদৰণী সভাত গীত পৰিৱেশন কৰিছিল ৷ তাই গীতত সন্তুষ্ট হৈ কিছুমানে তাইক ফাংচনত গীত পৰিৱেশন কৰাৰ সুবিধা দিছিল ৷ তাৰ পাছত তাই ৰিয়েলিটি শ্ব কিছুমানত গীত পৰিৱেশনৰো সুবিধা পালে ৷ এনেকৈ তাই আমেৰিকাত গীত পৰিৱেশন কৰাৰ সুবিধা লাভ কৰিছিল ৷ দেউতাকেও তাইক আমেৰিকালৈ যোৱাৰ অনুমতি অতি সহজে দিছিল । এদিন ৰমাকান্ত পাঠকৰ সৰু কালৰ বন্ধু বিৰাজ আহিছিল । বিৰাজক দেখি ৰমাকান্তই বহুত আনন্দ পাইছিল । কাৰণ সৰু কালত বিৰাজৰ অবিহনে ৰমাকান্তই একোকেই নকৰিছিল । কিন্তু এদিন হঠাত্ বিৰাজৰ চাকৰিৰ এপইতমেণ্ট লেটাৰ আহিছিল আৰু তাৰ বাবে দিল্লী লৈ যাব লগা হৈছিল । যাব ফলত সিহঁতৰ বন্ধুত্ব এনাজৰি নিলগে নিলগে থাকিব লগীয়া হৈছিল । বিৰাজ আৰু ৰমাকান্ত কথা-বতৰাত ব্যস্ত হ'ল । সেই সময়তে বিক্ৰমে নিজৰ কোঠাৰ পৰাওলাই দেউতাকৰ ওচৰ পালেগৈ । তেতিয়া বিক্ৰমক বিৰাজৰ লগত চিনাকী কৰি দিলে । স্নেহাই আমেৰিকালৈ যোৱা যো-যা কৰি দেউতাকৰ ওচৰ পালেহি । তাইকো বিৰাজৰ লগত চিনাকী কৰি দিলে । বিৰাজে তাই আৰ্শীবাদ দিলে যাতে নিজৰ মাতৃভূমিলৈ নাম কঢ়িয়াই আনে ।সেইদিনা ৰাতি বিৰাজৰ সৈ'তে ৰমাকান্ত, বিক্ৰম আৰু স্নেহাইএকেলগে ডাইনিং টেবুলত বহি আহাৰ খালে । পিছদিনা ৰাতিপুৱাই স্নেহাই আমেৰিকালৈ যাত্ৰা কৰিলে । তাৰদুদিনৰ পিছতেই স্নেহাই গীতৰ প্ৰতিযোগিতা আৰম্ভ হ'ল । স্নেহাৰ বুকু থৰ-থৰকৈ কপিছিল, কাৰণ সেই পৰিৱেশৰ সন্মুখীন আগতে কেতিয়াও হোৱা নাছিল । স্নেহাই অসমৰ পৰিচয় লৈ আমেৰিকাত গীত পৰিৱেশন কৰিলে ।অন্তিম পৰ্যায়ত ৰিজাল্ট আহিল আৰু শীৰ্ষৰ তালিকাত জিলিকিলে স্নেহাৰ নাম । নাম ঘোষণা কৰা পাছত তাই কান্দি দিলে আৰু স্নেহাৰ সেই জয়ে দেউতাকক বৰ আনন্দিত কৰি তুলিলে । সেয়েহে দেউতাকে গাঁৱৰ সকলো মানুহক মিঠাই বিলায় ফুৰিছে । তাই দুদিনৰ পাছত অসমলৈ উভতি আহিল । তাই গাড়ীৰ পৰা নামি চিঞৰি চিঞৰি দেউতাকৰ পিনে দৌৰি আহি দেউতাক সাবটি ধৰিলে আৰু ক'লে-"দেউতা মই জিকিলো আৰু মোৰ সপোন পূৰণ হ'ল ।" স্নেহাৰ সেই কথাত দেউতাকৰ আনন্দৰ চকুৰপানী ওলাই আহিল । এনেকৈয়ে দিন কেইটামান পাৰ হোৱাৰ পাছতেই এদিন ডাকযোগে ৰমাকান্ত ঘৰলৈ এখন চিঠি আহিল । চিঠিখন খুলি চাই গম পালে যে স্নেহাৰ বাবে এটা ডাঙৰ প্ৰস্তাৱ আহিছে । স্নেহাই আমেৰিকাৰ এটা গীতৰ ষ্টুডিঅ'ত কাম কৰিব লাগে । চেলাৰিও উচ্চ মানৰ । সোনকালে তাই যাব লাগিব যদি প্ৰস্তাৱটোস্বীকাৰ কৰে । ৰমাকান্তই তেতিয়া হাতাশাত ভুগিলে । ইমানদূৰ পঠালে জানো ভাল হ'ব ? তাই জানো সেই পৰিৱেশত চলিব পাৰিব ?এনেকুৱা ভিন্ন ধৰণৰ প্ৰশ্নৰ মনত উদয় হ'ল । কিন্তু স্নেহাই কৈ দিলে যে তাই আমেৰিকা যাবই । তাই কথা পেলাব নোৱাৰি ৰমাকান্তই যাবলৈ অনুমতি দিলে । দুদিনৰ পাছত তাই আমেৰিকালৈ যাবলৈ সাজু হ'ল । তাইক যাবলৈ অনুমতি দিলে যদিও ৰমাকান্তৰ মনত চিন্তাৰ শিকলিয়ে বান্ধি ৰাখিলে । এনেকৈয়ে স্নেহা আমেৰিকালৈ গুচি গ'ল । ৰমাকান্তই সদায় ফোনত কথা পাতেতাইৰ লগত । আনপিনে বিক্ৰমে চিত্ৰ আঁকি আঁকি বাহিৰলৈ পঠোৱাৰ সুবিধা পালে । এনেকৈ পঠাই পঠাই এদিন বিক্ৰম চিত্ৰ অঁকাত ১ নম্বৰ হৈ উঠিল । এদিন বিক্ৰমলৈ প্ৰপজেল এটা আহিল যেএটা কোম্পানীৰ বাবে চিত্ৰ আঁকিব লাগে । যাৰ চিত্ৰ বজাৰত বিক্ৰি কৰা হ'ব । তেতিয়া সি দেউতাকৰ লগত আলোচনা কৰিলে । দেউতাকে সুধিলে-- কোম্পানীতো ক'ত- ক'লকাতাত ।- দেউতাকে গৰজি ক'লে নোৱাৰ তই যাব । এজনী পঠালোৱেই এতিয়া তইও যাব বিচাৰিছ মোক অকলে এৰি ।দেউতাকৰ কথাত খং উঠি বিক্ৰম তাৰ পৰা গুচি আহিলে । দেউতাকে তেতিয়া এটা কথাই ভাবিছিল যে মাক নোহোৱা ল'ৰা গতিকে হিয়াৰ সুখেৰে সুখী হ'ব লাগিব উপায়টো নাই ৷ পিছদিনা বিক্ৰমক মাতি আনি সুধিলে- কেতিয়া যাবি তই?- পৰহিলৈ যাব লাগিব ৷- ঠিক আছে তই যাবি মোৰ কোনো আপত্তি নাই ৷এনেকৈয়ে কৈ দেউতাকে নিস্তব্ধৰে কোঠালি এটা বহিলে ৷ বিক্ৰম শেষত ক'লকাতা গ'লগৈ ৷ স্নেহাৰো প্ৰথমটো গানৰ এলবাম টেলিভিচনত দেখিবলৈ পালে ৷ দেউতাকে ফোন যোগে শুভেচ্ছা জনালে ৷ এনেকৈয়ে সময়বোৰ পাৰহ'ল ৷ ৰমাকান্তই সকলোবোৰ কাম অকলেই কৰিব লগা হ'ল ৷ কেতিয়াবা কেতিয়াবা ওচৰৰ মানুহেও এসাঁচ খাবলৈও মাতে ৷ বিক্ৰমলৈও মাজে মাজে ফোন কৰি খবৰ লয় ৷ লাহে লাহে বিক্ৰম আৰু স্নেহাৰলৈ ফোন নলগা হ'ল ৷ ফোন লাগিলেও কাটি দিয়ে নতুবাপিছত কৰিম বুলি কয় ৷ সিহঁতে নিজৰ ব্যস্ততা পৰিচয় দিলে ৰমাকান্তক ৷ এদিন ৰমাকান্তৰ বজাৰতে মুৰ ঘূৰাই বাগৰি পৰিল ৷ ওচৰৰ মানুহে গম পাই ঘৰৰলৈ আনি ডাক্টৰ এজনক মাতি আনিলে ৷ ডাক্টৰে ক'লে- ৰমাকান্তৰ ব্লাদ পেচাৰ হায় আছে ৷ তেওঁ আৰামত থকাৰ প্ৰয়োজন ৷ কিছু কাম কৰাৰ পৰা বঞ্চিত থাকিব লাগিব ৷ তেতিয়া ৰমাকান্তই ভাবিলে ল'ৰা-ছোৱালী হালক বেমাৰৰ কথা জনোৱাটো ভাল নহ'ব ৷ কাৰণ সিহঁতে চিন্তাত ভুগিলে নিজৰ নিজৰ কামবোৰ কৰিব নোৱাৰিব ৷ এনেকৈয়ে সময়বোৰ গৈ থাকিল ৷ সিহঁতৰ খবৰো নোপোৱা হ'ল ৷ তেতিয়া ৰনাকান্তই বহুত দুখ পালে ৷ যাব সুখৰ বাবে নিজৰ দুখ কষ্ট চিন্তা নকৰি সকলো কৰিবলৈ সাজোহৈছিল আৰু আজি সিহঁতৰেই খবৰ নোহোৱা হ'ল ৷ এনেকৈয়ে বিষাদৰ যন্ত্ৰণাত ভুগি শাৰীৰিক ভাবে অসুস্থ হৈ পৰিল ৷ আকৌ এদিন ৰমাকান্তই বজাৰ কৰিব গৈ হঠাতেপৰি গ'ল ৷ বজাৰত থকা কিছুমান চিনাকী মানুহে ডাক্টৰৰ ওচৰলৈ লৈ গৈ গম পালে যে ৰমাকান্তৰ মগজুত কৰ্কট ৰোগ হৈছে, যাক বচোৱা সম্ভাৱনা নিচেই কম কিন্তু ডাক্টৰে কোৱা মতে এটা অপাৰেচন কৰিলে হয়তো ঠিক হ'ব পাৰে নাইবা নহ'বও পাৰে ৷ ডাক্টৰৰ কথা শুনি ওচৰৰ মানুহবোৰে পুতেক-জীয়েকক জনোৱা ভাল হ'ব বুলি ভাবি প্ৰথমে বিক্ৰমলৈ ফোন লগালে কিন্তু বিক্ৰমে এটাই কথা ক'লে মই যাব নোৱাৰো সময় নাই আৰু ফোনটো কাটি দিলে ৷ তাৰ পাছত স্নেহালৈ ফোন লগাতে কিন্তু স্নেহালৈ ফোন নালাগিল ৷ তেতিয়া ওচৰ চুবুৰীয়া বিমোৰত পৰি কাৰোবাৰ হতোৱাই ৰমাকান্তৰ বন্ধু বিৰাজক খবৰ দিলে ৷ বিৰাজে খবৰ পাই য়ে লগে লগে ৰমাকান্তৰ ওচৰ পালেহি ৷ ৰমাকান্তই বিৰাজক দেখি কঁপা কঁপা মাতে সুধিলে- মোৰ কৈ হৈছে বিৰাজ ? বিক্ৰম আৰু স্নেহাক জনাইছিলি নে ? মই সিহঁতক চাব খুজো এবাৰ অ' ৷- তোৰ একো নাইহোৱা বন্ধু ৷ সিহঁত দুটা আহিব তই চিন্তা নকৰিবি ৷এনেকৈ কৈ বিৰাজ ডাক্টৰ ওচৰ পালেগৈ- টকা কেতিয়া জমা কৰিব লাগিব ৷- অতি সোনকালে জমা কৰিব লাগিব ৷বিৰাজে অফিচলৈ গৈ নিজৰ জমা টকা কিমান আছে চালে ৷ দেখিলে চাৰি লাখ টকা হে আছে ৷ তেতিয়া বিৰাজে নিজৰ মাটিডোখৰ এক লাখ টকাত বন্ধকত থৈ ৰমাকান্তৰ অপাৰেচনৰ বাবে টকা লৈ ডাক্টৰ ওচৰ পালগৈ ৷ কিন্তু ডাক্টৰে ৰিকচ ল'ব নোৱাৰিম বুলি কৈ এখন ফ্ৰমত বিৰাজৰ চহী ল'লে ৷ সেই সময়তেই বিক্ৰম ক'লকাতাৰ পৰা আহি দেউতাকৰ ওচৰ পালেহি ৷ দেউতাকে বিক্ৰমক দেখি বহু আনন্দিত হ'ল ৷ কিন্তু বিক্ৰমে দেউতাকৰ খবৰ ন'লৈ এখন কাগজ দেউতাকলৈ আগবঢ়াই দিলে আৰু ক'লে- দেউতা এই কাগজখনত তোমাৰ এটাচহী লাগে ৷ কাৰণ তোমাৰ মৃত্যুৰ পাছত ঘৰৰ সকলো মাটি বাৰী মোৰ হ'ব ৷দুখৰ মিচিকিয়া হাঁহি মাৰি কঁপা কঁপা মাতেৰে ক'লে- বোপাই এইখিনিয়েই বাকী আছিল নে আৰু কিবা আছে ? দেহ ক'ত চহী কৰিব লাগে কৰি দিওঁ ৷ কিন্তু এটা কথা মনত ৰাখিবি বোপাই মোৰ চিতাৰ জুইত তই কেতিয়াই হাত দিব নোৱাৰিবি ৷ নহ'লে মোৰ আত্মাই শান্তি নাপাব ৷ এনেকৈ কৈ চহী মাৰি দিলে আৰু বিক্ৰম ক'লকাতালৈ উভতি গ'লগৈ ৷ তেনে সময়তে ডাক্টৰ আহিল বিৰাজৰ ওচৰলৈ ৷ তেতিয়া ৰমাকান্তই বিৰাজক মাতি ক'লে-- বন্ধু ৷ তই সৰুৰ পৰাই মোৰ লগত আছ, এতিয়াও আছ ৷ যদি মোৰ কিবা হয় মোৰ ওচৰত থাকিবি ৷ মোৰ চিতাত জুই তই দিবি ৷ৰমাকান্তৰ কথা শুনি বিৰাজে চকুলো টুকিলে আৰু ক'লে-- বন্ধু তই এইবোৰ কিয় কৈছ ? তোৰ একো নহয় ৷ তই ভাল হ'বি ৷ তোৰ লগত মই সদায় আছো ৷ এনেকৈ কৈ ৰমাকান্তক অ'পাৰেচনৰ কোঠালৈ আগবঢ়াই নিলে ৷ অপাৰেচন আৰম্ভ হ'ল ৷ প্ৰায় দুঘণ্টা অপাৰেচন চলিল ৷ শেষত তলমুৰ কৰি ডাক্টৰ অপাৰেচন কোঠাৰ পৰা ওলাই আহিল ৷ বিৰাজে সুধিলে-- কি হ'ল চাৰ ? আপুনি কিয় তলমুৰ কৰি আহিছে ? কওঁক কি হ'ল ৷- sorry ৷ তেওঁক বচাব নোৱাৰিলো ৷ডাক্টৰ কথা শুনি বিৰাজে চিঞৰিচিঞৰি ক'লে-- কিয় নোৱাৰিব ? অলপ আগত মোৰ লগত কথা পাতি গৈছিল ৷ এতিয়া মৰিব বুলি ক'লেই হ'ব নেকি ?তেনেকৈ কৈ বিৰাজে ৰমাকান্তৰ ওচৰত বহি ফেঁকুৰি ফেঁকুৰি কান্দিলে ৷ অৱশেষত ওচৰৰ চুবুৰীয়াৰ সৈ'তে ৰমাকান্তক শ্মশানলৈ লৈ গ'ল আৰু তেওঁৰ চিতাত জুই বিৰাজে আগবঢ়ালে ৷ সেই সময়ত কিন্তু ৰমাকান্তৰ ল'ৰা-ছোৱালী কোনোৱেই নাহিল ৷

Saturday, 3 December 2016

'তুমি আহিবা'


আহিবা নেকি তুমি
মোৰ ঘৰৰ বোৱাৰী হৈ
তোমাৰ ভৰিৰ পৰশতেই
সাৰ পাব মোৰ হিয়াখনি।
কিমান যে সুখ উমলিব
তোমাৰ মোৰ মাজত
আমাৰ মনৰ মিলনতেই
শুৱনি হ'ব সৰু ঘৰখনি।
তোমাৰ শিৰৰ ৰঙা আবিৰে
মোৰ দেহ-মনক শক্তি দিব
জীনটোত আগুৱাই যাবলৈ
প্ৰেৰণা জগাব তোমাৰ মৰমে।
প্লীজ কোৱানা এবাৰ তুমি
আহিবা নে মোৰ ঘৰলৈ
আশাৰে বাট চাই আছো
তুমি অহা দিনটোলৈ মই।
-সঞ্জীৱ সাগৰ দাস

Wednesday, 16 November 2016

'আই'

নিশা টোপনি নাহিলে মোৰ
নিচুকনি গাই শুৱাইছিল তেওঁ
ঘৰলৈ আহোতে হয় যদি গধুলি
ৰৈ থাকে তেওঁ পদূলিত মোলৈ।
কোনেনো বুজি পাব তেওঁৰ মনক
তেওঁ যে সকলোতকৈ বেলেগ
তেওঁ নিজৰ দুখ-যাতনাক পাহৰি
হাঁহি বিৰিঙাই মোৰ ওঠত সদায়।
নিবিচাৰে তেওঁ নিজৰ কষ্টৰ মূল্য
নোৱাৰো তেওঁৰ কষ্টৰ মূল্য দিবলৈ
দিব পাৰিম মাথোঁ অলপ শ্ৰদ্ধা
কাৰণ তেওঁ যে মোৰ চেনেহৰ আই।
-সঞ্জীৱ সাগৰ দাস,ফোন-8721957517

Tuesday, 15 November 2016

'ৰক্তদান কৰো আহক'


ৰক্ত  হ'ল এক অমূল্য সম্পদ।যাক বহু টকাৰে কিনিব চালেও সময়ত পাবলৈ টান।  ৰক্তদান,য'ৰ পৰা এজন দুখীয়া লোককে ধৰি এজন অসহায় লোকেও সঠিক সময়ত মৃত্যু নাইবা বিপদৰ পৰা বাচিব পাৰে।কিন্তু বৰ্তমান সময়ত ৰক্তদান কৰা লোকৰ সংখ্যা বাৰুকৈয়েই কমিছে।এতিয়াৰ মানুহবোৰ কেৱল মাথোঁ নিজক লৈহে ব্যস্ত।যাৰ ফলত ৰক্তৰ অভাৱত বহু লোকে মৃত্যুৰ মুখতো পৰিব লগা হৈছে আৰু ৰক্তৰ নাটনি অনুভৱ কৰিব লগা হৈছে।বহুতে আকৌ মনতে ভাৱে যে ৰক্তদান কৰিলে নিজৰ দেহৰ ক্ষতি হয়।কিন্তু সকলোৰে বাবে ভাল খবৰটো এয়াই যে ৰক্তদান কৰিলে এজন দুৰ্বল ব্যক্তিও সবল হোৱাৰ সম্ভাৱনা থাকে।কাৰণ ৰক্তদানত মানুহ এজনৰ বেয়া ৰক্তখিনি ওলাই যায় আৰু তাৰপিছতেই লাহে লাহে দেহত প্ৰচুৰ পৰিমাণে নতুন ৰক্ত উৎপন্ন হ'বলৈ ধৰে ।সেয়েহে সকলোকে মই এটাই অনুৰোধ কৰিম যে কোনো ভয়-ভাৱ মনত নাৰাখি ৰক্ত দান কৰিবলৈ সকলোৱে আগুৱাওক আৰু কাৰোবাৰ জীৱন বচাওক।
-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ,বৰপেটা।
ফোন-৮৭২১৯৫৭৫১৭

Monday, 14 November 2016

'কাজলপ্ৰিয়া'

ক'বা নেকি হৃদয়ৰ ভাষা
প্লীজ এবাৰ কোৱানা!!!
মনৰ মাজত লুকাই থকা
গোপন কথাবোৰ খুলি কোৱা।
জোনাক নিশা জাৰত আৰত
লুকাই থকা তোমাৰ মৰমক
প্লীজ এবাৰ যাঁচানা মোক
উপচাই দিয়া সপোনৰ কহুৱাক।
তুমি হয়তো গমেই নোপোৱা
তুমি যে মোৰ কাজলপ্ৰিয়া,
তোমাৰ দুচকুৰ নয়নতেই যে
প্ৰেমৰ মুকুতা সৰি পৰে।
নিশা যিমানেই গভীৰ হয়
সিমানেই বাঢ়ে তোমালৈ মৰম
তোমাৰ ছবিটিয়ে যে মোক
ৰাতি শুৱলৈয়েই নিদিয়ে।
-সঞ্জীৱ সাগৰ দাস-

'বিধৱা বিবাহক স্বীকৃতি নিদিয়ে কিয় সমাজে'

   জীৱনটো জীয়াই থাকিবলৈ সকলোৰে অধিকাৰ আছে।জীৱনটোত আগবাঢ়িবলৈ সকলোকে সংগ নাইবা সংগী এগৰাকীৰ অতি প্ৰয়োজন।কাৰণ সংগীবিহীন জীৱন থিকনা বিহীন নাওঁৰ দৰে।
  'বিবাহ'- এই  শব্দটোৰ মূল্য এখন  সমাজৰ কাৰণে,এখন পৰিয়ালৰ বাবে আৰু এজন ল'ৰা নাইবা এজনী ছোৱালীৰ বাবে ভাষাতীত।কাৰণ এই বিবাহৰ ফলতেই এজন ল'ৰাই জীৱনটো সুখ-দুখৰ মাজেৰে পাৰ কৰিবলৈ এজনী সংগী পায় আৰু এজনী ছোৱালীয়ে এজন সংগ লাভ কৰে।তেতিয়াৰ পৰাই এজন ল'ৰাই পুৰুষত্ব লাভ কৰে আৰু এজনী ছোৱালীয়ে মহিলা এজনীলৈ পৰিৱৰ্তন হয়।এই জীৱনত এনেকুৱা কিছুমান দুৰ্ভগীয়া পুৰুষ আছে যাৰ পত্নী বিবাহৰ এবছৰ পিছতেই নাইবা এটা বা দুটা সন্তান জন্ম হোৱাৰ পিছতেই মৃত্যুৰ মুখত পৰে।এতিয়া এটা মনকৰিবলগীয়া কথা এয়াই যে সেই পুৰুষৰ বেছিভাগেই দ্বিতীয় বিবাহ পাশত বন্দী হয়।কিন্তু কোনো সমাজে এই বিবাহত কোনো বাধা প্ৰদান নকৰে।এইপিনে এনেকুৱা কিছুমান দুৰ্ভগীয়া মহিলাও আমাৰ সমাজত আছে যাৰ পতী বিবাহৰ ছয় মাহ পিছতে নাইবা এটা বা দুটা সন্তান জন্ম হোৱাৰ পিছতেই মৃত্যুৰ মুখত পৰে।এতিয়া এটা গুৰুত্বপূৰ্ণ কথা এয়াই যে সেই সকল মহিলাই কিয় দ্বিতীয় বিবাহত বহিব নোৱাৰে?তেতিয়া আমাৰ সমাজে কিয় সেই বিবাহত বাধা প্ৰদান কৰে? কেৱল এজন পুৰুষৰেই নৱজীৱন আৰম্ভ কৰাৰ অধিকাৰ আছে নেকি,এগৰাকী মহিলাৰ অধিকাৰ নাই নেকি?সদায় সংগীবিহীন হিচাপেই জীয়াই থাকিব নেকি এগৰাকী বিধৱা মহিলাই? বৰ্তমানো আমাৰ সমাজে আগৰ দিনৰ কিছু অন্ধবিশ্বাসক মানি চলি বহু মহিলাৰ ওপৰত অত্যাচাৰ চলাই আছেহি।যেনে-আজিও বহু ঠাইত বিধৱা বিবাহক স্বীকৃতি নিদিয়ে সমাজে,বিধৱাৰ স্থান বহু সামাজিক অনুস্থানত পিছত থাকে কাৰণ আমাৰ সমাজে ভাবে যে বিধৱা এজনীয়ে তেনে কোনো সামাজিক অনুষ্ঠানত উপস্থিত থাকিলে সেই অনুষ্ঠানটোৰ অমংগল ঘটিব পাৰে।সেয়েহে আজিৰ শিক্ষিত সমাজক মই এইখিনিয়েই ক'ব বিচাৰিছো যে এনেকুৱা অন্ধবিশ্বাস যেন আমাৰ সমাজৰ পৰা আঁতৰ কৰে।
-সঞ্জীৱ সাগৰ দাস,ফোন-৮৭২১৯৫৭৫১৭