নিশা টোপনি নাহিলে মোৰ
নিচুকনি গাই শুৱাইছিল তেওঁ
ঘৰলৈ আহোতে হয় যদি গধুলি
ৰৈ থাকে তেওঁ পদূলিত মোলৈ।
কোনেনো বুজি পাব তেওঁৰ মনক
তেওঁ যে সকলোতকৈ বেলেগ
তেওঁ নিজৰ দুখ-যাতনাক পাহৰি
হাঁহি বিৰিঙাই মোৰ ওঠত সদায়।
নিবিচাৰে তেওঁ নিজৰ কষ্টৰ মূল্য
নোৱাৰো তেওঁৰ কষ্টৰ মূল্য দিবলৈ
দিব পাৰিম মাথোঁ অলপ শ্ৰদ্ধা
কাৰণ তেওঁ যে মোৰ চেনেহৰ আই।
-সঞ্জীৱ সাগৰ দাস,ফোন-8721957517
Wednesday, 16 November 2016
'আই'
Tuesday, 15 November 2016
'ৰক্তদান কৰো আহক'
ৰক্ত হ'ল এক অমূল্য সম্পদ।যাক বহু টকাৰে কিনিব চালেও সময়ত পাবলৈ টান। ৰক্তদান,য'ৰ পৰা এজন দুখীয়া লোককে ধৰি এজন অসহায় লোকেও সঠিক সময়ত মৃত্যু নাইবা বিপদৰ পৰা বাচিব পাৰে।কিন্তু বৰ্তমান সময়ত ৰক্তদান কৰা লোকৰ সংখ্যা বাৰুকৈয়েই কমিছে।এতিয়াৰ মানুহবোৰ কেৱল মাথোঁ নিজক লৈহে ব্যস্ত।যাৰ ফলত ৰক্তৰ অভাৱত বহু লোকে মৃত্যুৰ মুখতো পৰিব লগা হৈছে আৰু ৰক্তৰ নাটনি অনুভৱ কৰিব লগা হৈছে।বহুতে আকৌ মনতে ভাৱে যে ৰক্তদান কৰিলে নিজৰ দেহৰ ক্ষতি হয়।কিন্তু সকলোৰে বাবে ভাল খবৰটো এয়াই যে ৰক্তদান কৰিলে এজন দুৰ্বল ব্যক্তিও সবল হোৱাৰ সম্ভাৱনা থাকে।কাৰণ ৰক্তদানত মানুহ এজনৰ বেয়া ৰক্তখিনি ওলাই যায় আৰু তাৰপিছতেই লাহে লাহে দেহত প্ৰচুৰ পৰিমাণে নতুন ৰক্ত উৎপন্ন হ'বলৈ ধৰে ।সেয়েহে সকলোকে মই এটাই অনুৰোধ কৰিম যে কোনো ভয়-ভাৱ মনত নাৰাখি ৰক্ত দান কৰিবলৈ সকলোৱে আগুৱাওক আৰু কাৰোবাৰ জীৱন বচাওক।
-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ,বৰপেটা।
ফোন-৮৭২১৯৫৭৫১৭
Monday, 14 November 2016
'কাজলপ্ৰিয়া'
ক'বা নেকি হৃদয়ৰ ভাষা
প্লীজ এবাৰ কোৱানা!!!
মনৰ মাজত লুকাই থকা
গোপন কথাবোৰ খুলি কোৱা।
জোনাক নিশা জাৰত আৰত
লুকাই থকা তোমাৰ মৰমক
প্লীজ এবাৰ যাঁচানা মোক
উপচাই দিয়া সপোনৰ কহুৱাক।
তুমি হয়তো গমেই নোপোৱা
তুমি যে মোৰ কাজলপ্ৰিয়া,
তোমাৰ দুচকুৰ নয়নতেই যে
প্ৰেমৰ মুকুতা সৰি পৰে।
নিশা যিমানেই গভীৰ হয়
সিমানেই বাঢ়ে তোমালৈ মৰম
তোমাৰ ছবিটিয়ে যে মোক
ৰাতি শুৱলৈয়েই নিদিয়ে।
-সঞ্জীৱ সাগৰ দাস-
'বিধৱা বিবাহক স্বীকৃতি নিদিয়ে কিয় সমাজে'
জীৱনটো জীয়াই থাকিবলৈ সকলোৰে অধিকাৰ আছে।জীৱনটোত আগবাঢ়িবলৈ সকলোকে সংগ নাইবা সংগী এগৰাকীৰ অতি প্ৰয়োজন।কাৰণ সংগীবিহীন জীৱন থিকনা বিহীন নাওঁৰ দৰে।
'বিবাহ'- এই শব্দটোৰ মূল্য এখন সমাজৰ কাৰণে,এখন পৰিয়ালৰ বাবে আৰু এজন ল'ৰা নাইবা এজনী ছোৱালীৰ বাবে ভাষাতীত।কাৰণ এই বিবাহৰ ফলতেই এজন ল'ৰাই জীৱনটো সুখ-দুখৰ মাজেৰে পাৰ কৰিবলৈ এজনী সংগী পায় আৰু এজনী ছোৱালীয়ে এজন সংগ লাভ কৰে।তেতিয়াৰ পৰাই এজন ল'ৰাই পুৰুষত্ব লাভ কৰে আৰু এজনী ছোৱালীয়ে মহিলা এজনীলৈ পৰিৱৰ্তন হয়।এই জীৱনত এনেকুৱা কিছুমান দুৰ্ভগীয়া পুৰুষ আছে যাৰ পত্নী বিবাহৰ এবছৰ পিছতেই নাইবা এটা বা দুটা সন্তান জন্ম হোৱাৰ পিছতেই মৃত্যুৰ মুখত পৰে।এতিয়া এটা মনকৰিবলগীয়া কথা এয়াই যে সেই পুৰুষৰ বেছিভাগেই দ্বিতীয় বিবাহ পাশত বন্দী হয়।কিন্তু কোনো সমাজে এই বিবাহত কোনো বাধা প্ৰদান নকৰে।এইপিনে এনেকুৱা কিছুমান দুৰ্ভগীয়া মহিলাও আমাৰ সমাজত আছে যাৰ পতী বিবাহৰ ছয় মাহ পিছতে নাইবা এটা বা দুটা সন্তান জন্ম হোৱাৰ পিছতেই মৃত্যুৰ মুখত পৰে।এতিয়া এটা গুৰুত্বপূৰ্ণ কথা এয়াই যে সেই সকল মহিলাই কিয় দ্বিতীয় বিবাহত বহিব নোৱাৰে?তেতিয়া আমাৰ সমাজে কিয় সেই বিবাহত বাধা প্ৰদান কৰে? কেৱল এজন পুৰুষৰেই নৱজীৱন আৰম্ভ কৰাৰ অধিকাৰ আছে নেকি,এগৰাকী মহিলাৰ অধিকাৰ নাই নেকি?সদায় সংগীবিহীন হিচাপেই জীয়াই থাকিব নেকি এগৰাকী বিধৱা মহিলাই? বৰ্তমানো আমাৰ সমাজে আগৰ দিনৰ কিছু অন্ধবিশ্বাসক মানি চলি বহু মহিলাৰ ওপৰত অত্যাচাৰ চলাই আছেহি।যেনে-আজিও বহু ঠাইত বিধৱা বিবাহক স্বীকৃতি নিদিয়ে সমাজে,বিধৱাৰ স্থান বহু সামাজিক অনুস্থানত পিছত থাকে কাৰণ আমাৰ সমাজে ভাবে যে বিধৱা এজনীয়ে তেনে কোনো সামাজিক অনুষ্ঠানত উপস্থিত থাকিলে সেই অনুষ্ঠানটোৰ অমংগল ঘটিব পাৰে।সেয়েহে আজিৰ শিক্ষিত সমাজক মই এইখিনিয়েই ক'ব বিচাৰিছো যে এনেকুৱা অন্ধবিশ্বাস যেন আমাৰ সমাজৰ পৰা আঁতৰ কৰে।
-সঞ্জীৱ সাগৰ দাস,ফোন-৮৭২১৯৫৭৫১৭
Sunday, 13 November 2016
তুমি
বুকুৰ কাৰেঙত সাজিলো তাজমহল
নানা ৰঙী সোণোৱালী সপোনক লৈ,
সেই তাজমহলতেই তোমাক ৰাখিম
আৰু উপচাম এধানি মৰম তোমালৈ।
মৰমৰ পখীজাকেও সাজু হৈছে এতিয়া
গাবলৈ গান আমাৰ মৰমক সোৱৰাই,
মোৰ সমস্ত ভালপোৱাবোৰ এতিয়া যেন
জীপাল হৈ উঠিছে তোমাৰ নামেৰে।
অনুৰাগী আশাবোৰেও আজি তোমালৈ
সিঁচৰিত কৰি দিছে হেজাৰ মৰমৰ কহুঁৱা
তেজে তেজে বিয়পাই দিছেহি মোৰ
তোমালৈ হেজাৰ ভালপোৱাৰ থিকনা।
-সঞ্জীৱ সাগৰ দাস,ফোন-৮৭২১৯৫৭৫১৭
অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা আৰু সমাজ
-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ,বৰপেটা।
ফোন-8721957517