Thursday, 26 January 2017

সৰস্বতী পূজা মানে ফেশ্বন শ্ব' নেকি

বিদ্যা অবিহনে আমাৰ সমাজেই অন্ধকাৰ।সেয়ে আমাৰ সমাজত বিদ্যাৰ ভাল ফল হ'বৰ বাবে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইৰ চৰণত আশীষ ল'বলৈ অসমৰ প্ৰায়ভাগ শিক্ষানুষ্ঠানতেই এটি নিৰ্দিষ্ট দিনত বছৰে বছৰে পূজা পতা হয় যাক সৰস্বতী পূজা বুলি কোৱা হয়।কিন্তু যোৱা কেইটিমান বেলিৰ পৰা সৰস্বতী পূজাৰ উদযাপন বহু বেলেগহে দেখা গৈছে।পূজাথলীত এতিয়া পূজা কৰাৰ বিপৰীতে সৌন্দৰ্য প্ৰতিযোগিতা পাতি ফেশ্বন শ্ব'হে দেখা যায়।উক্ত দিনটোত সৰস্বতী আইক পূজা কৰক বা নকৰক কাৰো গুৰুত্ব নাই কিন্তু নিজৰ মেক্আপখিনি থিকে আছেনে নাই,ৰং-বিৰংগী ড্ৰেছযোৰ বেয়াটো হোৱা নাই পিন্ধাত সেইখিনিতহে গুৰুত্ব বেছি দিয়ে।কাৰণ কিছু সময় পিছতেই যে আৰম্ভ হ'ব সৌন্দৰ্য প্ৰতিযোগিতা লগতে চেলফি প্ৰতিযোগিতা আৰু এনেকুৱা কৰ্মত ভালখিনি অৰিহণা যোগাইছে অসমৰ বিভিন্ন নিউজ চেনেলৰ লগতে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই।বৰ্তমান সময়ত সৰস্বতী পৃজা মানে হৈ পৰিছে বিউটিপাৰ্লাৰত গৈ বহু টকা খৰছ কৰি নিজক সুন্দৰ কৰি সেই দিনা মানুহক নিজৰ সৌন্দৰ্য উপভোগ কৰোৱা।কিন্তু বাহ্যিক সৌন্দৰ্যই জানো প্ৰকৃত সৌন্দৰ্যৰ পৰিচয় দিয়ে?ভক্তৰ বাবে ভক্তিয়েই জানো প্ৰকৃত সৌন্দৰ্য নহয়?এখন শিক্ষানুষ্ঠানত সেই দিনটোত নিউজ চেনেল সোমাব পাৰে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ অনুমতিত।সেয়েহে প্ৰথমে আমি দ্বোষাৰূপ কৰিব লাগিব সেইসকল শিক্ষানুষ্ঠানৰ কতৃপক্ষক যিসকলে নিজৰ শিক্ষানুষ্ঠান খনক ৰাইজৰ আগত নিবলৈ নিউজ চেনেলক মাতি আনে সৰস্বতী পূজাৰ দিনা।আচলতে নিউজ চেনেলৰ জৰিয়তে এনেকুৱা পূজাক ফেশ্বন শ্ব' বনাই ৰাইজক দেখুৱাই কি পৰিচয় দিব বিচাৰে সেইসকল কৰ্তৃপক্ষই যে তেওঁলোকৰ শিক্ষানুষ্ঠানখনে ধুনীয়া গাভৰু চাৰি আছে?ইমানেই যদি ৰাইজৰ আগত নিজৰ শিক্ষানুষ্ঠানখনক ভাল বুলি পৰিচয় কৰাব মন তেন্তে ভাল ৰিচাল্ট কৰি দেখুৱাওক।যদি পূজাৰ মূল্য ৰাখিব নোৱাৰে তেন্তে সৰস্বতী পূজা পতা বন্ধ কৰি দি সিদিনা ক্লাছ কৰিয়েই থাকক কিন্তু সৰস্বতী পূজাৰ মান-মৰ্যাদা কিয় নষ্ট কৰে?এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী,অভিভাৱক-অভিভাৱিকা সকলো সজাগ হোৱা উচিত লগতে এনেকুৱা পৰিৱেশৰ কাৰণে মাত মতা উচিত।যদি ৰাইজে নিমাত থাকে তেন্তে এনেকুৱাই প্ৰতি বছৰে চলি থাকিব।এইক্ষেত্ৰত ছাত্ৰ সংগঠনবোৰেও মাত মতা উচিত কাৰণ আজিকালি বেছিভাগ শিক্ষানুষ্ঠানতেই ছাত্ৰ সংগঠনৰ প্ৰাৰ্থীয়েই শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাত প্ৰতিনিধিত্ব কৰা দেখা যায়।
-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ,ফোন-8486529129