তুমিয়েই নহয় জানো
আঞ্চলিক কলেজৰ হিয়াৰ আমঠুৰ
সকলোৰে চকুৰ দাপোনত জিলিকে
কেৱল তোমাৰ মৌ সনা চকুজুৰি,
তোমাৰ নিভাজ হাঁহিৰ প্ৰেমত যেন
আঞ্চলিক কলেজ খনেই পৰি গ'ল।
তুমি যেতিয়া এডমিছনলৈ আহিছিলা
তেতিয়া যেন আঞ্চলিক কলেজ কেম্পাছ
জিলিকি উঠিছিল তোমাৰ সুকোমল খোজত,
তোমাৰ বাবেই ৰৈ থকা আছিল সদায়
কলেজ চৌহদৰ ফুচকাৰ দোকানী জনেও।
তুমি যেতিয়া কেণ্টিনলৈ আগবঢ়া
তোমাৰ পিছে পিছে শ শ ডেকাৰ জাক
তোমাৰ পৰশতেই কলেজৰ আঁহত জোপাইও
গোপনে গোপনে গীত গায় জানানে...
ছাৰ-বাইদেউ সকলেও তোমাৰ হাঁহিটিক
তুলনা কৰে আকাশৰ তৰাবোৰৰ লগত।
আঞ্চলিক কলেজৰ তুমিয়েই মন মালিনী
তোমাৰ প্ৰেমত যেন এতিয়া সকলো মুগ্ধ
মইও তোমাৰ প্ৰেমত নপৰিম বুলি ভাবিও
শেষত যে পৰিয়েই গ'লো তোমাৰ প্ৰেমত
ৰাতি ৰাতি তোমাকেই দেখো সপোনত।
-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ
ফোন-৮৭২১৯৫৭৫১৭