মৌছুমী আজি বহু সুখী। কাৰণ মৌছুমী আজি চহৰত ডাক্টৰী পঢ়াৰ সুযোগ পাইছে লগতে তাৰে হোষ্টেলতেই থকাৰো সুবিধা পাইছে। তাই এটা ৰুমত আৱদ্ধ হৈ থাকিয়েই কলেজৰ আধা বছৰ পাৰ কৰিল। কাৰণ তাইৰ দেউতাক সমাজৰ এজন গণ্য-মান্য ব্যক্তি হয়। বেয়া পৰিৱেশ পাব বুলি মৌছুমীক দেউতাকে ঘৰৰ পৰা ওলাবই নিদিছিল। কেৱল কলেজ যোৱা সময়খিনিহে বাহিৰত ওলাব পাইছিল মৌছুমীয়ে। এনেকৈ ঘৰত থাকি মৌছুমী বহু অশান্তি লাভ কৰিছিল। আজি তাই গুৱাহাটীলৈ যাব ডক্টৰ পঢ়িবলৈ পাঁচ বছৰৰ কাৰণে। তাই মুকলিভাবে ওলাব পাই বহু শান্তি লাভ কৰিছে আজি। এনেতে দেউতাকে তাইৰ কাৰণে গাড়ী এখন ভাড়া কৰি লৈ আহিলে তাইক বাছ ষ্টেণ্ডলৈ থৈ আহিবৰ কাৰণে।মাকে মৌছুমীৰ বেগত এটা টেমা ভৰাই দিলে, য’ত নেকি লাডু-পিঠা বনাই ভৰাই দিছে মাকে অতি মৰমেৰে। কিছু সময় পিছতেই দেউতাকে মৌছুমীৰ লগত গাড়ীখনত বাছ ষ্টেণ্ডলৈ আগবাঢ়িলে।গাড়ীৰ পৰা নামিয়েই মৌছুমী গুৱাহাটীলৈ যোৱা বাছখনো পালে। দেউতাকে বেডিং বিলাক বাছৰ ডিকিত সোমায় দি মৌছুমীৰ পৰা বিদায় ল’লে।মৌছুমীও গুৱাহাটীলৈ আগবাঢ়িল। গুৱাহাটীত নামিয়েই মৌছুমীয়ে চাৰিওফালে অদ্ভুত পৰিৱেশ অনুভৱ কৰিলে। কাৰণ মৌছুমী হ’ল গাঁৱলীয়া ছোৱালী। তাই চহৰৰ পৰিৱেশৰ কেতিয়াও সন্মুখীন হোৱা নাছিল। তাই লাহে-লাহে মেডিকেল কলেজলৈ আগবাঢ়িলে। মেডিকেল কলেজ পাইয়েই তাই হোষ্টেলৰ পিনে আগবাঢ়িলে। হোষ্টেলত সোমোৱাৰ লগে লগে তাই আকৌ অদ্ভূত পৰিৱেশৰ সন্মুখীন হ’ল।সকলো পিনে চিঞৰ-বাখৰ তাৰ মাজত তাই। তাই লাহে-লাহে তাইৰ ৰুমলৈ আগবাঢ়িলে। তাইৰ ৰুমত সোমায় দেখিলে যে আগৰে পৰাই তাত দুজনী ছোৱালী আছেই। ছোৱালী দুজনী তাইক দেখি আচৰিত ভাৱে শুধিলে-“অই তোক ইয়াত কিলাগে ? ক’ৰ পৰা আহিছ তই?” তেতিয়া মৌছুমী সিহত দুয়োক ক’লে- “মই গাওঁৰ পৰা আহিছো মেডিকেল কলেজত ডাক্টৰী কোৰ্চ পঢ়িবলৈ। মোৰ ৰুম এইটো বুলি গম পাই সোমায় আহিলো।” তাইৰ কথা আৰু পিন্ধন-উৰন দেখি দুইজনীয়ে খিল-খিলাই হাঁহি ক’লে- “ওহ তই মানেগাঁৱলীয়া ভুত। আহ আহ সোমাই আহ।” তেতিয়া মৌছুমী সোমাই আহি বিচনাতেই বহি ল’লে আৰু সিহত দুয়োক ক’লে- “তোমালোক দুয়ো মোৰ ৰুমমেট। মোৰ বান্ধৱী হ’বানে ?” তাইৰ কথাত আকৌ সিহত দুয়ো হাঁহিলে আৰু ক’লে- “হ’ব দে একেলগে আছো যেতিয়া বান্ধৱীয়েইটো হম। এতিয়া অলপ জিৰোৱা, অলপ পিছত ফুৰিবলৈ যাম।” এনেকৈ কৈয়েই সিহত দুয়ো হেডফোনত গান শুনাত ব্যস্ত হ’ল আৰু মৌছুমী কাপোৰ সলাই অলপ বিচনাতে জিৰালে। লাহে লাহে এন্ধাৰে কাষ চাপি আহি গধুলি হ’বলৈ ধৰিলে।মৌছুমীৰ ৰুমমেট দুজনীয়ে ফুৰিব যাবলৈ সাজি-কাছি ওলোৱাত ব্যস্ত হ’ল। তাৰে এজনীয়ে মৌছুমীক ক’লে- “ওই ছোৱালী তইও ওলাই ল। আমি বেছি সময় নৰখো তোক।” সেই ছোৱালীজনীৰ কথা শুনি মৌছুমীও ওলোৱাত ব্যস্ত হ’ল। কিছু সময় পিছতেই সিহত তিনিও বজাৰৰ পিনে ফুৰিবলৈ ওলাই গ’ল। গধুলিৰ পৰিৱেশত গুৱাহাটী মহানগৰীত মৌছুমী ফুৰিবলৈ আহি খুবেই আনন্দিত হ’ল। কাৰণ তেনেকুৱা পৰিৱেশৰ সন্মুখীন মৌছুমী প্ৰথমবাৰৰ বাবে হৈছিল। ফুচকাৰ সোৱাদ লৈ তিনিওৱেই হোষ্টেলৰ পিনে আগবাঢ়িলে। ৰাতিৰ ভাত খাই তিনিজনীয়ে শুই থাকিল।ৰাতিপুৱা উঠিকেই হোষ্টেলৰ সকলো ছোৱালীয়ে গাঁ-পা ধুৱাত ব্যস্ত হ’ল।কাৰণ তাৰেই বহুতৰেই আজি প্ৰথম ক্লাছ। সেয়েহে সকলোৱে আজি কলেজলৈ অলপ সোনকালেই যাৱ। মৌছুমীৰ এটাই সপোন আছিল তাই যেন এজনী ভাল ডাক্টৰেনী হৈ উলাই আহিব পাৰে মেডিকেল কলেজৰ পৰা। মনত বহু আশালৈ তাই তাইৰ ৰুমমেট দুজনীৰ লগত কলেজলৈ আগবাঢ়িলে। এনেতে কলেজৰ গেটত ভৰি দিয়াৰ লগে-লগে মৌছুমী বিক্ৰম নামৰ ল’ৰা এজনৰ লগত মুখামুখি হ’ল। বিক্ৰম সেই অঞ্চলৰ এম.এল.এৰ ল’ৰা। তাৰ লগত সকলো সময়তে কেইজনমান ল’ৰা ঘুৰিয়েই থাকে। কোনোবাই কিবা ক’লেই ল’ৰা কেইজনৰ হতুৱাই মাৰপিট কৰায়। সেয়েহে সেই অঞ্চলৰ সকলোৱেই তাক ভয় কৰে। বিক্ৰমেও মেডিকেল কলেজৰেই এজন ছাত্ৰ হয় কিন্তু সি ক্লাছত উপস্থিত হোৱাৰ বিপৰীতে কলেজৰ গেটৰ কাষত বহি ছোৱালী জোকাইহে ফুৰে। সিদিনা তাৰ চকু মৌছুমীৰ তাত পৰিল। মৌছুমী গেট পাৰ হোৱাৰ পিছতেই সি তাইক মাত লগালে- “ওই ছোৱালী আমাৰ পিনেও এবাৰ চাবি।” তাৰ কথা শুনি মৌছুমীয়ে লহেকৈ ক’লে- “অসভ্য ক’ৰবাৰ।” মৌছুমীকোৱা কথাখিনি কিবাকৈ বিক্ৰমৰ কাণত পৰিল। যাৰ ফলত বিক্ৰমে আকৌ এবাৰ তাইক ক’লে- “ওই কেলা, তই কাক কি কৈছো অসভ্য বুলি?তোক কেলা এতিয়াই সকলোৰে আগত মৰম কৰো নেকি অলপ?” এনেকৈ কৈ বিক্ৰমে মৌছুমীৰ কঁকালত হাত দিলে। বিক্ৰমৰ এনেকুৱা ব্যৱহাৰ দেখি মৌছুমীয়ে বিক্ৰমৰ গালত চৰ এটা মাৰি তাৰ পৰা গুছি আহিলে। মৌছুমী সকলোৰে আগত বিক্ৰমক চৰ এটা মৰাৰ কাৰণে বিক্ৰমে বহু লাজ পালে কাৰণ এনেকৈ চৰ বিক্ৰমক আগতে কোনেও মাৰিবলৈ সাহস কৰা নাছিল। সেয়েহে মৌছুমীক পিছত চাই লম বুলি কৈ বিক্ৰমে এখন ধাবালৈ গৈ খুব মদ খালে।এইপিনে মৌছুমী প্ৰথম দিন হিচাপে ক্লাছত লাজকুৰীয়া ভাৱত উপস্থিত হ’ল। প্ৰথম দিনা ক্লাছ কৰি মৌছুমী খুবেই ভাল পালে। ক্লাছ শেষ হোৱাৰ পিছত ৰুমমেট দুজনীৰ লগত মৌছুমী হোষ্টেললৈ উভতিল। এইপিনে বিক্ৰমে মৌছুমীৰ পিছত এজন ল’ৰা লগাই থাকে। মৌছুমী কোন সময়ত কি কৰে, ক’লৈ যায় সেই ল’ৰাজনে বিক্ৰমক খবৰ কৰে। গধুলি সময়ত মৌছুমীয়ে খুব মনোয়োগেৰে কিতাপ পঢ়াত ব্যস্ত হ’ল এইপিনে ৰুমমেট দুজনীয়ে মোবাইল টিপাত ব্যস্ত। মৌছুমী এইকাৰণেই ইমান মনোযোগেৰে কিতাপ পঢ়িলে কাৰণ তাইৰ লক্ষ্য এজনী ভাল ডাক্টৰণী হৈ ওলোৱাৰ। পিছদিনাও তেনেকৈয়েই ধুনীয়াকৈ মৌছুমীয়ে ক্লাছত উপস্থিত হৈ ক্লাছ কৰিলে আৰু ক্লাছ শেষ হোৱাৰ পিছত ৰুমমেট দুজনীৰ লগত হোষ্টেললৈ আহিলে। গধুলি পৰত ৰুমমেট দুজনীয়ে হঠাত বজাৰলৈ যাবলগা হ’ল। মৌছুমী তেতিয়া কিতাপ পঢ়াত ব্যস্ত আছিল। সেয়ে তাইক অলপ সময় অকলেথৈ ৰুমমেট দুজনীয়ে বজাৰলৈ গ’ল। মৌছুমী যে অকলে আছে মৌছুমীৰ পিছত লগাই থোৱা ল’ৰাজনে বিক্ৰমক খবৰ দিলে। কিছু সময় পিছতেই মৌছুমীৰ ৰুমৰ দৰ্জাত কোনোবাই শব্দ কৰা মৌছুমীয়ে শুনা পালে। তাই ভাবিলে যে ৰুমমেট দুজনী আহিলে হ’বলা। দৰ্জাখন খুলি দেখে যে দৰ্জাৰ সন্মুখত বিক্ৰম। দৰ্জা খুলাৰ লগে লগেই বিক্ৰমে জোৰ-জবৰদস্তি মৌছুমীৰৰুমত সোমায় দৰ্জাখন তলা লগালে আৰু মৌছুমীক জোৰ-জবৰদস্তী বিচনাত বগৰাই মৌছুমীক বলত্কাৰ কৰিলে। সেই সময়ত এটাই মৌছুমীৰ চিঞৰ শুনা গৈছিল। কিছু সময়ত পিছত ৰুমদমেট দুজনী আহি দেখে যে ৰুমৰদৰ্জা খোলা। ভিতৰলৈ সোমায় আহি দেখে যে মৌছুমী বিচনাত পৰি আছে আৰু তাইৰ দেহৰ কাপোৰবোৰ অত-ত’ত পৰি আছে। সিহত দুয়োই লগে লগে হোষ্টেলৰ সকলোকে জনালে। সকলোৱে মিলি মৌছুমীক হাস্পতাললৈ লৈ গ’ল। ডক্টৰে চাই পেলাই ক’লে যে মৌছুমী আৰু এই পৃথিৱীত জীয়াই নাই। গোটেই কলেজতেই হাহাকাৰৰ সৃষ্টি হ’ল। কলেজৰ অধ্যক্ষই মৌছুমীৰ দেউতাকক ফোন কৰি খবৰ দিলে। দেউতাকে পগলাৰ দৰে মৌছুমীৰ মৃতদেহৰ কাষলৈ দৌৰি আহিলে আৰু চিঞৰি চিঞৰি কান্দি ক’লে- “তোৰ আশা পূৰণ নহ’লও মাজনী ! তোৰ আশা পূৰণ কৰিব নিদিলে ভগৱানে!” কিছু সময় পিছতেই মৌছুমীৰ মৃতদেহ গাঁৱলৈ হাস্পতালৰেই গাড়ীখনতলৈ গ’ল আৰু মৌছুমীক শ্মশানলৈ নি মৌছুমীৰ দেহক পূৰি পেলালে। তাইৰ লগতেই তাইৰ সপোন, আশা সকলো অগ্নিত দাহ হ’ল।
✒সঞ্জীৱ সাগৰ দাস
লেখকৰ ঠিকনাঃ ভৱানীপুৰ
ফোনঃ ৮৭২১৯ ৫৭৫১৭