Thursday, 16 February 2017

প্ৰেম,আধুনিকতা আৰু কিছু অনুভৱ

প্ৰেম,যাৰ নামতেই উজলি উঠে বহুতৰ হৃদয়।প্ৰেম জীৱনৰ এটি অংশ,এটি অনুভৱ।যি অনুভৱে মন ভৰাই তোলে মন ৰঙাই তোলে।সকলোতে বাঁজি উঠে মাথোঁ প্ৰেমৰ গান।বহুতেপ্ৰেমৰ সংজ্ঞা নানান ধৰণে আমাক আগবঢ়াইছেহি।কিছুমানৰ মতে,প্ৰেম এজাক ধুমুহাৰ দৰেপ্ৰেম উৰণীয়া পখিলাৰ দৰে কোন মুহুৰ্তত কাৰ হৃদয় চুই যায় কোনেও কবই নোবাৰে আৰু কিছুমানৰ মতে,প্ৰেম এটি বিষাদৰ নামহে,যি বিষাদে চিৰদিন এজন মানুহক কষ্ট দি থাকে।বৰ্তমন সময়ত কিন্তু প্ৰেমৰ লাইনো বিপথেহে পৰিচালিত হোৱাটোহে সচৰাচৰদেখা যায়।আজিকালি প্ৰেমত আহি পৰিছে সময় কটোৱা,শাৰীৰিক সম্পৰ্ক আদিৰ পৰা আত্মহত্যাৰ পথ বাচি লোৱালৈকে।মোৰ অনুভৱৰ পৰা প্ৰেমৰ বতৰা দিবলৈ গ’লে মই প্ৰথমে উভতি যাৱ লাগিব সেই দিনটোলৈ,যিদিনা মোৰ জীৱনলৈ আহিছিল এজনী অচিনাকী ছোৱালী,যাৰ বাবে মোৰ হৃদয়ত সৃষ্টি হৈছিল একাজলি মৰমৰ,ভালপোৱা আৰু নানান সপোনৰ থিকনা।এদিন এটা পৰীক্ষা দিবলৈ মই এটা পৰীক্ষা হ’লত উপস্থিত হৈছিলো,য’ত নানান অচিনাকী পৰীক্ষাৰ্থীৰ সন্মুখীন হ’ব লগা হৈছিল।মোৰ লগতেই এজন অচিনাকী বন্ধু পৰীক্ষাত বহিছিল।মই বহা ৰুমটোতেই বহু ছোৱালীৰ মাজত এজন লাজকুৰীয়া হাঁহি মাৰি থকা ছোৱালীও আছিল,যাক প্ৰথম দেখিয়েই মোৰ হৃদয়ত কামভাৱৰ সৃষ্টি হৈছিল।মই লাহে-লাহেকৈ গম পালো যে সেই ছোৱালীজনী মোৰ লগত বহা ল’ৰাজনৰ গাওৰেই।মই সেই ল’ৰাজনৰ সহায়েৰে সেই ছোৱালীজনীক মাত দিয়া সুবিধা পাইছিলো।এনেকৈ মোৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল।লাহে-লাহে দিনবোৰ গৈ থাকিল।পৰীক্ষাও শেষ হ’বৰ সময় হ’ল।মই কিন্তু সেই ছোৱালজনীক চাই থাকোতেই সময়বোৰ পাৰ হ’ল।মই কবই নোৱাৰিলো মই যে তাইক ভালপাওঁ।পৰীক্ষাৰ শেষদিনৰ কথা,মোৰ লগত বহা ল’ৰাজনৰ হতুৱাই সেইছোৱালী জনীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালো।মোক কিন্তু কোনো উত্তৰ নিদিয়াকৈ সেই ছোৱালীজনী গুছি গৈছিল ঘৰলৈ।এইপিনে পৰীক্ষাও শেষো হ’লহি।মই কিন্তু উত্তৰ নেপাই সুখত থাকিব নোৱাৰিলো।কেৱল তাইৰ কথাই ভাবি থকাই হ’লো।এনেকৈয়েই তাইক মই দুমাহ পিছত লগ পাইছিলো এখন বিয়াত কিন্তু মই তাইৰ লগত মুখামুখি হ’বলৈ সময় নাপালো।তাইৰ ঘৰ ক’ত সেয়াও জানিব নেপালো।তাইক আকৌ লগ পাই কথা পাতিবলৈ নোপোৱাৰ বাবে মই উচুপি মৰিবলৈ ধৰিলো কিন্তু মই হাৰ মনা নাছিলো।মোৰমনে কৈছিল তাইক এদিন লগ নিশ্চয় পাম।এই আশাৰে তাইক হৃদয়ত আঁকি সময়বোৰ পাৰ কৰা হ’লো।প্ৰায় চাৰিমাহ পিছত সেই ছোৱালীজনীক মই আমাৰ কলেজত দেখা পালো আৰু বন্ধুৰ হতুৱাই খৱৰটো উলিয়ালো যে তাই আমাৰ কলেজৰ নৱাগত ছাত্ৰী।খৱৰটো পাই মই অতিকৈ সুখী হৈ পৰিছিলো,মোৰ যে মৰা হৃদয়খন আকৌ এবাৰ জীপাল হৈহে উঠিছিল।কলেজ আৰম্ভ হ’ল।মই তাইক বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াছিলো।কিন্তু তাই প্ৰতিবাৰেই নাকচ কৰিছিল মোৰ প্ৰস্তাৱক।মই কিন্তু হাৰ মনা নাছিলো।বৰ্তমান মোবাইল,ইণ্টাৰনেটৰ যুগ হ’লেও মই তাইক ২৫খন চিঠি প্ৰেৰণ কৰিছিলো আৰুঠিক এবছৰৰ পিছত এদিন তাই মোক নিজে মাতি আনি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াছিল আৰু মই অতি কম সময়তেই তাইক আকোৱালি লৈছিলো।সেই দিন ধৰি আজিলৈকে তাই কিন্তু মোৰ হৈয়েই আছেহি।বহু ঘাট-প্ৰতিঘাটৰো সন্মুখীন হৈছিলো আমি।কিন্তু আমাৰ প্ৰেমক আমি জীয়াই ৰাখিছিলো।এয়াও এক প্ৰকাৰৰ প্ৰেম নহয় জানো।যি প্ৰেমে সিচৰিত কৰিছে নানান মৰম,ভালপোৱা,প্ৰেৰণা।আগৰ দিনৰ কথা কবলৈ গলে প্ৰেমিক-প্ৰেমিকা সকলে বহু শালীনতাৰ মাজেৰে নিজৰ প্ৰেমক গোপনীয়তাৰ মাজেৰে আগুৱাই নিছিল।ইজনে সিজনৰ প্ৰতি থকা ভালপোৱাবিশ্বাসশ্ৰদ্ধা চিৰদিনৰ শিকলিৰে বান্ধি ৰাখিছিল।ইজনে সিজনক এৰি থাকিব নোৱাৰা আছিল আৰু দুয়ো দুয়োকে এক মৰমৰ মায়া পাশত বান্ধি ৰাখি আগুৱাই গৈছিল।আগৰ দিনৰ বেছিভাগ প্ৰেমিক-প্ৰেমিকাই আছিল দুখীয়া ঘৰৰখেতিয়কৰ। যাৰ জলন্ত উদাহৰণ জংকী-পানেইৰ অমৰ প্ৰেম।জংকী-পানেইৰ প্ৰেমকাহিনী নিশ্চয় জানেই।সিহত দুয়ো মৃত্যুৰ ক্ষণলৈ দুয়ো দুয়োকে এৰি থকা নাছিল।কিন্তু বৰ্তমানৰ কথা ক'বলৈ  হ'লে  আগৰ দৰে তেনেকুৱা প্ৰেমিক-প্ৰেমিকাৰ সংখ্যা আমাৰ সমাজত খুবেই কম বুলি ক'ব পাৰি।নৱপ্ৰজন্মই এতিয়া প্ৰেমক নতুন ৰূপহে দিবলৈ শ্ৰেষ্টা কৰিছে।এতিয়া প্ৰেমিক-প্ৰেমিকাৰ উপাদান হৈ পৰিছে বিলাসীতা,বাঁহ লৈছে আধুনিকতাই।বৰ্তমান নৱপ্ৰজন্মৰ মনক সলনি কৰাৰ এটাই কাৰণ সেয়া হ'ল আধুনিক প্ৰযুক্তি বিদ্যাৰ প্ৰভাৱ যিয়ে আমাৰ জীৱন প্ৰণালী বহুতেই সহজ কৰি তুলিছে কিন্তুআমাৰ জগতখনলৈ আনিছে মানসিক পৰিৱৰ্তন।আগৰ দিনত কোনো ছ'চিয়েল মিডিয়া নাছিল পাৰ্ক,ধাবা নাছিল কিন্তু এতিয়া ছ'চিয়েল মিডিয়া যেনে-ফেচবুকহোৱাটছএপ আদি আহি পৰিছে কাৰণেনৱপ্ৰজন্মৰ প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম এতিয়া এইবিলাক ৱেপছাইদতহে আৱদ্ধ লগতে পাৰ্কধাবাত বহুত প্ৰেমিক-প্ৰেমিকাৰ দেখা যায় এতিয়া লজ্যাজনক কৰ্ম।আগৰ দিনত চিঠি পঠোৱাৰ ঠাই ল'লে এতিয়া ফেচবুক ,হোৱাটছএপ আদিয়ে।এইবিলাক ৱেপছাইডত অতি সহজে কাৰোবাৰ সৈতে বন্ধুত্ব গঢ়িব পাৰি কাৰণে অতি কম সময়তেই বন্ধুত্বৰ পৰাই সৃষ্টি হয় প্ৰেমৰ।সেয়েহে ভঙা যোৱাটো সময় বেছি নেলাগে সেই প্ৰেমৰ।এনে ৱেপছাইডত সঘনাই দেখা পোৱা যায় যে কোনোবাই প্ৰেমত সফল আৰু কোনোবাই বিফল।কাৰণ যাৰ লগত প্ৰেম কৰে তেওঁক ভালকৈ জানিবই সময় নাপায় বৰ্তমানৰ প্ৰজন্মই।আজিকালি ছ'চিয়েল মিডিয়াত বেছিভাগৰেই প্ৰেমৰ আৰম্ভণি হয় নেদেখা জনৰলগত।প্ৰেমিক-প্ৰেমিকাবোৰৰ বৰ্তমান সময়ত প্ৰেমৰ প্ৰস্তাৱ দিওতে সময় লাগে মাত্ৰ এক ছেকেণ্ড।মাথোঁ লাগে মোবাইল,কম্পিউটাৰৰ মাধ্যম।আজিকালি প্ৰেমত প্ৰতাৰণা হ'লেই প্ৰতিশোধত নামেসন্দেহত চলে কিন্তু আগৰ দিনত এইবিলাক ঘটনা খুব কমেই দেখা গৈছিল।সেয়েহে বৰ্তমান নৱপ্ৰজন্মৰ মাজত আত্মহত্যাৰো সংখ্যা বাঢ়ি গৈছে।ভেলেণ্টাইন দেৰ দিনটোৰ কথা ক'বলৈ গ'লে বৰ্তমান প্ৰতিযোগিতা যুগ হৈ পৰিছে। এইদিনটোত কোনে কাক কিমান দামি উপহাৰ দিব,পাৰ্টী কৰিব সেয়াহে প্ৰস্তুতি চলাই। বৰ্তমান সময়ত প্ৰেমিক-প্ৰেমিকা বহুতেই জানে মাথোঁ সময় পাৰ কৰিবএনজয় কৰিব।নাজানে পবিত্ৰ প্ৰেম আচলতে কেনেকুৱা।তাৰ মাজত এনেকুৱা প্ৰেমিক-প্ৰেমিকাও আছে যিয়ে আগৰ দৰেই পবিত্ৰ প্ৰেমক জীয়াই ৰাখিছে।যাৰ মনত এতিয়াও আছে গভীৰ প্ৰেম,বিশ্বাস।

-সঞ্জীৱ সাগৰ দাস,ভৱানীপুৰ (বৰপেটা)