Sunday, 26 November 2017

চিঞৰ

ক'ব বিচৰা নাছিলো তাহানিও
ভবা নাছিলো
আজি এনে এটি দিন আহিব
যিটো দিনত চকুলো টুকি
লিখিব লাগিব বিষাক্ত কবিতা।
সপোন মোৰো আছিল জানা
তোমাৰ সৈতে সংসাৰ গঢ়াৰ
কিন্তু
সকলো মানুহেই সপোন দেখে
কিমানৰনো পূৰণ হয় সপোন?
তুমি আজি আনৰ হ'লা
শিৰত সেন্দূৰ পিন্ধাই তোমাক
লৈ গ'ল আনৰ বোৱাৰী কৰি।
পূৱৰ ৰঙা বেলিটো
তোমাৰ শিৰত আঁকি দিয়াৰ
মোৰো সপোন আছিল জানা
কিন্তু আমিবোৰ বেকাৰ বাবে
আমাৰ প্ৰেমৰ মূল্য নাই জানা।
তোমাক পলাই নিবও ব্যৰ্থ হ'লো
কাৰণ ঘৰত আছে মোৰ
এহাল বুঢ়া বেমাৰী মা-দেউতা
যাৰ চকুত চকু থৈ চাবৰ শক্তি নাই!
ভুল মোৰেই জানা প্ৰিয়া
আমি প্ৰেম কৰাটোৱেই পাপ
কাৰণ আমি দিব নোৱাৰো
নিজৰ প্ৰেমিকাক দামি উপহাৰ
কেৱল দুখ দিবহে জানো……
কাৰণ আমিবোৰ বেকাৰ প্ৰেমিক।
-সঞ্জীৱ সাগৰ দাস, ফোনঃ ৮৭২১৯৫৭৫১৭